কৰ’না পৰৱর্তী পৰিস্থিতিত দীর্ঘদিন ধৰি দেশত বন্ধ হৈ থকা চিত্রগৃহসমূহলৈ নতুন প্রাণ কঢ়িয়াই আনিলে অক্ষয় কুমাৰ-কেটৰিণা কাঈফ অভিনীত সদ্যমুক্তিপ্রাপ্ত ‘সূর্যবংশী’ ছবিখনে।
ইতিমধ্যে ৰােহিত ছেটি পৰিচালিত এইখন ছবিয়ে সম্মানীয় এশ কোটিৰ ক্লাবত স্থান লাভ কৰিলে। মঙলবাৰে ‘সূর্যবংশী’ৰ ব্যৱসায়ে ১০২.৮১ কোটি টকাৰ সীমা অতিক্রম কৰিলে।
সােমবাৰৰ তুলনাত মঙলবাৰে ছবিখনৰ ব্যৱসায় ১৫-২০ শতাংশ হ্রাস পাইছিল যদিও ১১.২২ কোটি টকা সংগ্রহৰ জৰিয়তে ‘সূর্যবংশী’য়ে পাঁচদিনৰ ভিতৰতে এশ কোটি টকাৰ ব্যৱসায় কৰিবলৈ সফল হ’ল।
দেৱালীৰ এদিন পাছত যােৱা পাঁচ নৱেম্বৰত দেশৰ ৩৫০০ চিত্ৰগৃহৰ পৰ্দাত ৰােহিত ছেটিৰ শেহতীয়া ছবিখনে মুক্তি লাভ কৰিছিল। মুক্তিৰ দিনাই ‘সূর্যবংশী’য়ে বক্স অফিচত ২৬.২৯ কোটি টকাৰ ব্যৱসায় কৰিছিল।
শনিবাৰে ২৩.৮৫ কোটি টকা, দেওবাৰে ২৬.৯৪ কোটি টকা, সােমবাৰে ১৪.৫১ কোটি টকা ছবিখনে বক্স অফিচত সংগ্রহ কৰিছিল। ইফালে, ‘সূর্যবংশী’য়ে বিদেশৰ চিত্ৰগৃহত মঙলবাৰলৈকে মুঠ ২৮.০১ কোটি টকাৰ ব্যৱসায় কৰিবলৈ সফল হৈছে।
‘সূর্যবংশী’ত অক্ষয়ে এ টি এছৰ মুৰব্বী বীৰ সূর্যবংশীৰ চৰিত্ৰত অভিনয় কৰিছে। ছবিখনত কেটৰিণাই অভিনয় কৰিছে অক্ষয়ৰ পত্নীৰ চৰিত্ৰত।
আনহাতে, এইখন ছবিত জেকি শ্রফ, গুলচন গ্র’ভাৰৰ দৰে অভিনেতায়াে অভিনয় কৰিছে। চলচ্চিত্র সমালােচক সমাদৰ লাভ নকৰিলেও ‘সূর্যবংশী’য়ে বক্স অফিচত দৰ্শকৰ বিশেষ সঁহাৰি লাভ কৰিবলৈ সফল হ’ল।