★যদি কোনো এজন ব্যক্তিয়ে একেলগে ৭০ কাপ কফি খায়, তেন্তে তেওঁৰ মৃত্যু নিশ্চিত। কাৰণ ৭০ কাপ কফিত যিমান পৰিমাণৰ কেফেইন থাকে সেইয়া এজন প্ৰাপ্তবয়স্ক মানুহৰ হৃদযন্ত্ৰ বিকল কৰি দিব পাৰে।
★যদি কোনোবাই কোনো প্ৰশিক্ষণৰ অবিহনে একেৰাহে চাৰি মিনিটৰ বাবে পানীৰ তলত মূৰটো ডুবাই ৰাখে, তেন্তে তেওঁৰ মগজু বিফল হ’বলৈ আৰম্ভ কৰে। যদি কোনোবাই একেৰাহে এই কাৰ্য ছয় মিনিটৰ বাবে কৰে তেন্তে ব্যক্তিজনৰ মৃত্যু নিশ্চিত।
★বহুলোকে চকলেট খাই ভাল পায়। কিন্তু কোনো বস্তুৱে অতিৰিক্ত ভাল নহয়। যদি কোনোবাই কম সময়ৰ ভিতৰতে এটা সময়ত ৮৫ টা চকলেট খায়, তেন্তে তেওঁৰ মৃত্যু অনিবাৰ্য। চকলেটত থকা থিউব্ৰোমিন এক হেজাৰ কিলোগ্ৰামতকৈ যদি অধিক হয় তেন্তে ই বিপদজনক আৰু ইয়াৰ ফলত মানুহৰ মৃত্যু হ’ব পাৰে।
★গান শুনি সকলোৱে ভাল পায়। কিন্তু সেই গান যদি মৃত্যুৰ কাৰণ হৈ পৰে ?১৮৫ ডেচিবেলতকৈ অধিক শব্দ থকা গানবোৰে মানুহক মৃত্যু ঘটাব পাৰে। উচ্চ ডেচিবেলৰ গানে মানুহৰ হৃদয়ত আঘাত কৰে।
★এজন মানুহে নোখোৱাকৈ মৃত্যু হোৱাৰ সম্ভাৱনাতকৈ নুশুৱাৰ ফলত মৃত্যু হোৱা সম্ভাৱনা প্ৰৱল । যদি কোনে লোকে একেৰাহে দুসপ্তাহ টোপনি নাযায় সেই ক্ষেত্ৰত তেওঁৰ মৃত্যু হ’ব পাৰে।






























