Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

চাৰি মাহ ধৰি চৰবন্দী নলবাৰীৰ একলাখ লোক

বন্ধ হোৱাৰ উপক্ৰম ৪০ খনকৈ শিক্ষানুষ্ঠান, বিপদঘণ্টা স্বাস্থ্যক্ষেত্ৰত

publisher by publisher
December 29, 2021
in Assam, India, News
Reading Time: 1 min read
0
2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

Nalbari:কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বীতাৰ উজ্জ্বল নিদৰ্শন নলবাৰী বৰভাগৰ ৰাতুল ডেকাৰ

বছৰ বছৰ ধৰি অবহেলিত ঘগ্ৰাপাৰৰ নিজ বড়িগোগ প্রাথমিক বিদ্যালয় সংলগ্ন পথ

1st May celebration:আজি বিশ্বজুৰি মে’ দিৱস পালন

এদিন-দুদিন নহয়, সুদীৰ্ঘ চাৰিমাহ কাল একপ্ৰকাৰ বন্দীত্বৰ জীৱন কটাবলগীয়া হৈছে নলবাৰী জিলাৰ প্ৰায় এক লাখ লোকে । বিচ্ছিন্ন জীৱন কটাব লগা হৈছে বহি: জগতৰে‌ । বন্ধ হোৱাৰ উপক্ৰম হৈছে ৪০ খনকৈ বিদ্যালয়‌ । শিক্ষা, স্বাস্থ্যসেৱা আদিকে ধৰি জৰুৰীকালীন সেৱাৰ পৰা বিগত চাৰিমাহে বঞ্চিত হৈ আহিছে এইসকল লোক । স্বয়ং চৰকাৰী ব্যৱস্থাই বিশাল ব্ৰহ্মপুত্ৰৰ মাজত বন্দী কৰি ৰাখিছে এইসকল লোকক । এই ঘটনা নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ ।

ADVERTISEMENT

উল্লেখ্য যে বিগত ন ছেপ্টেম্বৰত মাজুলীত সংঘটিত ভয়াবহ নাও দুৰ্ঘটনাৰ পাছতে ৰাজ্য চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ নিৰ্দেশ অনুসৰি নলবাৰী জিলা প্ৰশাসনে নলবাৰীৰ বৰক্ষেত্ৰীত থকা চাৰিওটা পাৰঘাট বন্ধ কৰি দিয়াৰ লগতে একক ইঞ্জিনচালিত নাও চলাচলত নিষেধাজ্ঞা আৰোপ কৰে । তেতিয়াৰে পৰা এই পৰ্যন্ত উক্ত নিষেধাজ্ঞা অব্যাহত ৰাখিছে জিলা প্ৰশাসনে‌ । যাৰ ফলত দুৰ্বিসহ জীৱন কটাবলগীয়া হৈছে এইসকল লোকে‌ । লক্ষ্যণীয়ভাৱে ইতিমধ্যে নদী প্ৰায় শুকাই যোৱাৰ পাছতো স্থানীয় বিধায়ক, বিভাগীয় মন্ত্ৰী, নলবাৰী জিলা প্ৰশাসন কোনোপক্ষৰ গা লৰা নাই‌ ।

ইপিনে স্বয়ং চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, সমষ্টিটোৰ ৪৬ খনকৈ গাঁও ব্ৰহ্মপুত্ৰৰ চৰভূমিত। ইয়াত বাস কৰি আছে প্ৰায় একলাখ লোক । উল্লেখ্য যে এইসকল লোকৰ বহি: জগতৰে যোগাযোগ মাধ্যম কেৱল মাত্ৰ নদীপথ । সেইমৰ্মে চটেমাৰী, মুকালমুৱা, কাপলাবৰী আৰু পেৰাধৰাকে ধৰি ব্ৰহ্মপুত্ৰৰ চাৰিটাকৈ পাৰঘাটেৰে এইসকল লোক কলিতাকুচি- বৰপেটা মূলপথৰ লগত সংযোজিত হয় । তদুপৰি চৰাঞ্চলত উৎপাদিত সামগ্ৰীৰ বিক্ৰী, অন্যান্য বজাৰ-ব্যৱসায়, স্কুল-কলেজ, চিকিৎসা আদিৰো সংযোগী মূল পাৰঘাট এইকেইটাই । ইয়াৰ উপৰি ব্ৰহ্মপুত্ৰ নদীপথেৰে ধুবুৰী, গোৱালপাৰা আদি বহি: ঠাইৰ পৰা এই কেইটা পাৰঘাটেৰে বালি, কাঠ আদি সামগ্ৰী আমদানি হয় । কিন্তু চৰকাৰী হস্তক্ষেপত এই সকলোবোৰ সম্প্ৰতি বন্ধ হৈ পৰিছে ।

চৰাঞ্চলৰ এক লাখ লোকে বিগত চাৰিটামাহে একপ্ৰকাৰ চৰবন্দী হৈ সীমাহীন যন্ত্ৰনা ভুগি অহাৰ লগতে বৃহত্তৰ মুকালমুৱা অঞ্চলৰ বাণিজ্যিক ক্ষেত্ৰতো ইয়াৰ কুপ্ৰভাৱ পৰাৰ অভিযোগ উঠিছে । লক্ষ্যণীয় যে বৰক্ষেত্ৰীৰ চৰাঞ্চলৰ কুৰিৰো অধিক বেচৰকাৰী সংস্থা, সংঘ, সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে ইয়াক লৈ চৰকাৰক অনুনয়-বিনয় কৰি অহাৰ সমান্তৰালভাৱে প্ৰতিবাদী কাৰ্যসূচী আৰু গ্ৰহণ কৰি আহিছে ।

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বৰক্ষেত্ৰী চৰ আঞ্চলিকৰ সভাপতি চাদ্দাম হুছেইনে প্ৰকাশ কৰে যে চৰকাৰে ভৰ বাৰিষাকালত একক ইঞ্জিন চালিত নাও চলাচল বন্ধ কৰাটো সঠিক যদিও ইয়াৰ বিপৰীতে বৃহত্তৰ ৪৬ খনকৈ গাঁৱৰ প্ৰায় এক লাখ লোকে কি উপায়ে যাতায়ত কৰিব সেই কথাও ভাবিব লাগিছিল । কিন্তু তাৰ বিপৰীতে নিষেধাজ্ঞা জাৰি কৰিয়ে দায়িত্ব সামৰিলে ।

ছাত্ৰজনে পুনৰ কয়, “সেয়া যি হ’ল হ’ল, ইতিমধ্যে নদী শুকাই তলি দেখা হ’ল । গতিকে চৰকাৰ-সংশ্লিষ্ট বিভাগ অথবা জিলা প্ৰশাসনে শীঘ্ৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।” এনে অনুৰূপ দাবী জনাইছে বৰক্ষেত্ৰী ব্লক কংগ্ৰেছ কমিটী, আমছু, শিক্ষক গোট, শিক্ষাৰ্থী, একাংশ নাৱৰীয়া, কৃষক, ব্যৱসায়ী আৰু স্থানীয় ৰাইজে ।

চৰ আঞ্চলিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ এটা দলে কয় যে নাও চলাচলত চৰকাৰে আৰোপ কৰা নিষেধাজ্ঞাই বিপদত পেলাইছে স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীক । বিগত দুটা বছৰে কৰ’নাকালীন তলাবন্ধই ইতিমধ্যে বহু ক্ষতি কৰিলে । সেয়া কিছু পৰিমাণে আঁতৰিল । কিন্তু এইবাৰ যাতায়তৰ অসুবিধাই নতুন প্ৰতিবন্ধকৰ ৰূপ লৈছে ।

ইফালে, স্বয়ং চৰকাৰী সূত্ৰতে প্ৰকাশ অনুসৰি উক্ত চৰ ভূমিত চৰকাৰী আৰু বেচৰকাৰী খণ্ডৰ ৪০ খনকৈ শিক্ষানুষ্ঠান আছে । ইয়াৰ ভিতৰত কুৰিহামাৰী এ ক্লাষ্টাৰত ২৩ খন আৰু বি ক্লাষ্টাৰত ১৫ খন বিদ্যালয় আছে । তদুপৰি চৰ আঞ্চলিক উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু এখন জুনিয়ৰ কলেজো আছে উক্ত চৰ ভূমিত।

নাও চলাচল বন্ধ ৰখাত সৃষ্টি হোৱা চৰাঞ্চলৰ সমস্যাৰ কথা বিৱৰি ৮১ বছৰীয়া সদৰ আলিয়ে কয়, ‘চৰৰ এক লাখ মানুহে আজি চাৰিমাহ ধৰি কি যন্ত্ৰনাত আছো তাৰ খবৰ লওঁতা নাই । বুঢ়া মানুহ আমি। আমাৰ উন্নত চিকিৎসা বুলিলে মুকালমুৱা হস্পিটেলখনেই একমাত্ৰ ভৰসা । তালৈ যাবলৈও আমাৰ উপায় নাই। বাকী সমস্যাৰ কথা বাদেই ।’ লক্ষ্যণীয় যে এনে বহু যন্ত্ৰণা ভুগি থকাৰ পাছতো বৃদ্ধ জনে শংকা প্ৰকাশ কৰে। তেওঁ কয়, ‘আমি এতিয়া যি অৱস্থাতে নাথাকো কিয় সেয়া ক’লেও বিপদ । চৰকাৰৰ বিৰোধ কৰা বুলি মোক শত্ৰু জ্ঞান কৰিব । কি ঠিক শাৰীৰিক অপদস্থ কৰাৰো সম্ভাৱনা নুই কৰিব নোৱাৰি ।’

কাপলাবৰী পাৰঘাটৰ এহাল অস্থায়ী ক্ষুদ্ৰ ব্যৱসায়ী দম্পত্তি শংকৰ বৰ্মন আৰু আৰতী বৰ্মনে “দৈনিক অগ্ৰদূতক” সদৰী কৰা মতে প্ৰশাসনে নাও চলাচল বন্ধ কৰি দিয়াৰে পৰা তেওঁলোকৰ ব্যৱসায়লৈ ভয়াবহ পৰিস্থিতি নামি আহিছে । দম্পত্তি হালে কয়, ‘এই পাৰঘাটত দোকান কৰিয়ে আমাৰ পৰিয়ালটো চলি আহিছিলো । কিন্তু চৰকাৰে নাও চলাচল বন্ধ কৰাৰে পৰা দিনটোত দুশ টকাও উপাৰ্জন নহয়‌ । এতিয়া আমাৰ পৰিয়াল চলোৱাটো দুঃসাধ্য হৈ পৰিছে‌ ।’ আনকি নাও চলাচল বন্ধ কৰি দিয়াৰ পাছৰে পৰা এই পৰ্যন্ত বিভাগীয় কৰ্তৃপক্ষ, বিধায়ক দিগন্ত বৰ্মন, বিভাগীয় মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ কোনো এজনে খবৰ নোলোৱা বুলি দুখ প্ৰকাশ কৰি নদীপথ সম্পূৰ্ণৰূপে মুকলি কৰাৰ আহ্বান জনাইছে ।

উল্লেখ্য যে উক্ত দম্পতিহাল স্থানীয় দুই নম্বৰ কাপলাবৰী গাঁৱৰ বাসিন্দা । তেওঁলোকে কাপলাবৰী ঘাটত চাহ তামোলৰ অস্থায়ী দোকান দি পৰিয়াল চলাই আহিছে ।

অবৈধ যাতায়তৰ বাবে বাধ্য কৰোৱাইছে চৰকাৰে, প্ৰায় কোটি টকাৰ লেনদেন ভুৱা লিজৰ নামত

“ব্ৰহ্মপুত্ৰ বুলি ক’লেও বৰক্ষেত্ৰীৰ বৃহত্তৰ চৰাঞ্চলৰ পূৱ, উত্তৰ আৰু পশ্চিম – এই তিনিওফাল আগুৰি আছে ব্ৰহ্মপুত্ৰৰ কেইটামান সুঁতিয়েহে । বাৰিষাৰ দিনত এই আটাইকেইটা সুঁতি বিপদজনক হৈ উঠে । কিন্তু খৰালি ইয়াৰ পানী শুকাই তলী দেখা হৈ পৰে । ঠায়ে ঠায়ে সৰু হাতনাওখন চলোৱাটোও অসুবিধা হয়। বালিত নাৱৰ তলী লাগি ধৰে । একক ইঞ্জিনচালিত নাও বিপদজনক নহয় । কিন্তু ইয়ালৈ লক্ষ নকৰি নলবাৰী জিলা প্ৰশাসনে যি নাও চলাচল বন্ধ কৰি ৰাখিলে, ৰাখিলেই। তাৰ পাছত আৰু কোনো ব্যৱস্থা নাই । গতিকে উপায় নাপাই আমি দুই চাৰিজন মানুহে এনে নাও কেই চলাই দুই চাৰিজনকৈ মানুহ পাৰ কৰাই আছোঁ। এনে কৰিবলৈ চৰকাৰী ব্যৱ্স্থায়ে আমাক বাধ্য কৰোৱাইছে। ” পেৰাধৰা আৰু কাপলাবৰী ঘাটৰ একাংশ নাৱৰীয়াৰ এনে মন্তব্য প্ৰকাশ অগ্ৰদূতক ।

আনহাতে, উক্ত নাৱৰীয়াকেইজনে অভিযোগ প্ৰকাশ কৰে যে এনেদৰে চৰকাৰী অনুমতি অবিহনে নাও চলোৱা বাবদ তেওঁলোকে লেছি আৰু আভ্যন্তৰীণ জল পৰিবহনৰ কৰ্মৰত কৰ্মচাৰীক ধন দিবলগীয়া হয় । লক্ষ্যণীয় যে ইয়াৰ পূৰ্বেও বৰক্ষেত্ৰীৰ চাৰিওটা ঘাট লেছিৰ নামত প্ৰায় কোটি টকাৰ নীতি বহিৰ্ভূত লেনদেন চলি অহাৰ অভিযোগ উঠিছে । স্বয়ং সংশ্লিষ্ট বিভাগৰ এক সূত্ৰই এই অভিযোগ প্ৰকাশ কৰিছে ।

সূত্ৰটোৱে প্ৰকাশ কৰা অভিযোগ মতে বিগত প্ৰায় চাৰি বছৰ ধৰি আভ্যন্তৰীণ জল পৰিবহন বিভাগে ৰাজ্যৰ ঘাট সমূহৰ লিজ বন্ধ ৰাখিছে । কিন্তু ইয়াৰ মাজতে অনুমোদিত লেছি বুলি পৰিচয় দি এটা বিশেষ চক্ৰই বৰক্ষেত্ৰীৰ চাৰিওটা ঘাটতে নাৱৰীয়াৰ পৰা কৰ সংগ্ৰহ কৰে । আনকি জল পৰিবহন বিভাগৰ একাংশ কৰ্মচাৰীৰ সহযোগতে এই ঘটনা ঘটি থকা বুলি সূত্ৰটোৰ মন্তব্য প্ৰকাশ ।

জৰুৰীকালীন পৰিস্থিতিৰ বাবে কেইখনমান নাৱৰ ব্যৱস্থা কৰা হৈছে : বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়া

“বৰক্ষেত্ৰীৰ ছটেমাৰী, মুকালমুৱা, কাপলাবৰী আৰু পেৰাধৰা – এই চাৰিও টা পাৰঘাটত নাও চলাচলৰ ক্ষেত্ৰত চৰকাৰে পূৰ্বে লোৱা ব্যৱস্থা অব্যাহত আছে । কিন্তু জৰুৰীকালীন পৰিস্থিতিৰ বাবে আমি কেইখনমান নাৱৰ ব্যৱস্থা কৰিছো । নাও চলাচল বন্ধ হোৱা সমস্যা ছন্দৰ্ভত বিশেষকৈ শিক্ষকসকলে কোৱাত আমি চৰকাৰী কামত ব্যৱহাৰৰ বাবে কেইখনমান নাৱৰ ব্যৱস্থা কৰিছো । তদুপৰি ইতিমধ্যে দুখন দুই ইঞ্জিনযুক্ত নাৱৰ চলাচল আৰম্ভ কৰা হৈছে ।” এই মন্তব্য প্ৰকাশ কৰিছে বৰক্ষেত্ৰীৰ ৰাজহ বিষয়া উদয় শংকৰ দত্তই ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: brahmaputra riverNALBARI
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d