কলকাতাৰ “জাতীয় কম্পিউটাৰ সাক্ষৰতা মিছন” নামৰ এটা বেচৰকাৰী সংস্থাটোলৈ সন্দেহৰ আঙুলি ।
কাৰণ সেই সংস্থাটোৰ নামতেই ধনখিনি সুমোৱাৰ তথ্য লাভ দিছপুৰ কলেজৰ ।
গুৱাহাটীৰ দিছপুৰ শাখা , বেংক অৱ বৰোডাৰ পৰা পশ্চিম বংগৰ বৰনগৰ শাখা , ইউনিয়ন বেংকলৈ transfer হহৈছিল টকাখিনি ।
ঘটনাটো পোহৰলৈ আহে যোৱা ২ মে’ত ।
এই ঘটনাৰে বেংক অৱ বৰোডাৰ লোক জড়িত থকাৰ অভিযোগ তুলিছে দিছপুৰ কলেজৰ অধ্যক্ষ ডঃ নৱজ্যোতি বৰাই ।
বেংকটোৰ লোক গ্ৰেপ্তাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা থকা বুলিও তেওঁ দাবী কৰে ।
Dispurcollege1980@gmail.com মেইলৰ পৰা আহিছিল চেক কনফাৰ্মৰ বাবে মেইল ।
কিন্তু অধ্যক্ষৰ মতে Dispurcollege1979@gmail.com হৈছে দিছপুৰ কলেজ আঁচল মেইল এড্ৰেছ ।