Cyber Crime:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অসম আৰক্ষীৰ চাইবাৰ ক্ৰাইম বাঞ্চে কঠোৰস্থিতি গ্ৰহণ কৰি অহাৰ মাজতে মঙলবাৰে নিশা আৰক্ষীৰ এক অভিযানত আটক হয় দুই দুৰ্ধৰ্ষ চাইবাৰ অপৰাধী ৷ কামৰূপ আৰক্ষীৰ এটা দলে বিশেষ সূত্ৰৰ পমখেদি মঙলবাৰে নিশা কামৰূপৰ টুপামাৰীৰ ৰংগেশ্বৰী পাম গাঁৱত অভিযান চলাই গ্ৰেপ্তাৰ কৰে ৰফিকুল ইছলাম আৰু হানিফ আলী নামৰ দুই চাইবাৰ অপৰাধীক ৷ দুয়োৰে পৰা আৰক্ষীয়ে নগদ প্ৰায় ৭ লাখ ২৫ হাজাৰ ৮৫০ টকা সহ জব্দ কৰে ভিন্ন বেংকৰ ৬৯ টা পাছবুক আৰু ৬৩ খন এটিএম কার্ড ৷ ইতিমধ্যে অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা চলাই আছে চাইবাৰ অপৰাধী দুটাক ৷
ADVERTISEMENT































