বাতৰি কাকতৰ প্ৰখ্যাত এজেন্সী বৰপেটা চহৰৰ জয়ন্তী ষ্টোৰ্ছৰ স্বত্বাধিকাৰী, অসম সাহিত্য সভাৰ আজীৱন সদস্য, গণককুছি নসত্ৰ নিবাসী নৃপেন্দ্ৰ নাথ গোস্বামীৰ(৭৫) আজি পুৱা ছয় বাজি ১৫ মিনিটত বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান ঘটে ৷
প্ৰয়াত দীননাথ গোস্বামীৰ পুত্ৰ নৃপেন্দ্ৰ নাথ গোস্বামীয়ে মৃত্যুৰ সময়লৈকে বাসুদেৱ দেৱালয়ৰ সত্ৰাধিকাৰ আছিল ৷ হৃদ ৰোগত আক্ৰান্ত হৈ কিছুদিন ধৰি অসুস্থ হৈ থকা গোস্বামীক কালি দুপৰীয়া বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও আজি পুৱা মৃত্যু হয় ।
গোস্বামী পৰিয়ালে ১৯৮৪তে বাতৰি কাকত আৰু আলোচনীৰ এজেন্সী খুলি ধাৰাবাহিকভাৱে এজেন্সীটো চলাই আছিল ৷ জয়ন্তী ষ্টোৰ্ছত অসমৰ পৰা প্ৰকাশিত সকলো বাতৰি কাকত আৰু আলোচনী উপলব্ধ হৈ আছিল ৷ গোস্বামীয়ে অপ্ৰাদেশীকৃত পুতুলকণ হাইস্কুলত শিক্ষকতা কৰিছিল আৰু পাছলৈ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিও আছিল ৷ কিন্তু গোস্বামীয়ে বিদ্যালয়খন প্ৰাদেশীকৰণ নৌহওঁতে অৱসৰ গ্ৰহণ কৰাত দৰমহাৰ মুখ নেদেখাকৈয়ে মৃত্যুক আকোঁৱালী ল’লে ৷
তেওঁক বাসুদেৱ দেৱালয়ৰ পাছফালে দেৱালয়ৰ মাটিত অগণন গুণমুগ্ধ আৰু শুভাকাংশীৰ উপস্থিতিত আজি দুপৰীয়া সৎকাৰ কৰা হয় ৷ গোস্বামীৰ মৃত্যুত “অগ্ৰদূত প্ৰকাশন” গোষ্ঠীয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈও গভীৰ সমবেদনা জ্ঞাপন কৰিছে ।
বৰপেটা সাহিত্য সভা, বৰপেটা প্ৰেছ ক্লাৱ আৰু বাতৰি কাকতৰ হকাৰসকলেও গোস্বামীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ৷ মৃত্যুৰ সময়ত গোস্বামীয়ে পত্নী সহিতে তিনিজনী কন্যা সন্তান এৰি থৈ গৈছে ৷






























