Mira Barthakur Reaction:নগাঁৱত মুখামুখি যুঁজ হ’ব আইএএছ আৰু এচিএছৰ মাজত
দলৰ প্ৰাৰ্থীৰ অভাৱৰ বাবে একেৰাতিৰ ভিতৰত বিজেপিয়ে দিয়ে সদ্য প্ৰাক্তন আমোলাক
দেৱাশীস শৰ্মাক প্ৰক্ষেপৰ পাছত বিজেপি দলত সৃষ্টি হৈছে তীব্ৰ অসন্তুষ্টিৰ:মীৰা বৰঠাকুৰ
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:নগাঁও লোকসভাৰ উপ- নিৰ্বাচনত এইবাৰ হাইপ্ৰফাইল যুঁজ হ’ব দুই প্ৰাক্তন আইএএছ আৰু এচিএছৰ মাজত ৷ বিজেপিয়ে নগাঁৱৰ সদ্য প্ৰাক্তন আয়ুক্তক দলীয় প্ৰাৰ্থীত্ব দিয়াৰ বিপৰীতে কংগ্ৰেছে প্ৰাৰ্থীত্ব দিয়ে বটদ্ৰৱাৰ প্ৰাক্তন বিধায়িকা শিৱামণি বৰাক ৷
আনহাতে মনোনয়নপত্ৰ দাখিলৰ বাবে মাজত মাত্ৰ এটা দিন থকা অৱস্থাত এআইইউডিএফে এই পৰ্যন্ত প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই যদিও বিভিন্ন মহলত উচ্চাৰিত হৈছে দলটোৰ মুৰব্বী বদৰুদ্দিন আজমলৰ নাম ৷
আনহাতে উপ-নির্বাচনত শিৱামণি বৰাক কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ পাছতে ভোট কাটিবলৈ বদৰুদ্দিন আজমলক ফিল্ডত বিজেপিয়ে নমাব বিচাৰিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰে প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে৷
আনহাতে বিজেপি দলটোত যোগ্য প্ৰাৰ্থীৰ অভাৱৰ বাবে প্ৰাক্তন আমোলাজনক দলীয় টিকট প্ৰদান কৰি কাৰ্য্যত দলটোৱে নগ্নৰূপটো পুনৰ এবাৰ জনগন ওচৰত উদঙাই দিলে৷ একেদৰে দেৱাশীস শৰ্মাক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপৰ পাছত বিজেপি দলত সৃষ্টি হৈছে তীব্ৰ অসন্তুষ্টিৰ ৷ আনকি সেই অসন্তুষ্টি কথা আমাক জনাইছে খোদ দলটোৰ ক্ষোভিত নেতাই ৷
কংগ্ৰেছ দলত থকা আসন খন বিজেপিয়ে কোনোপধ্যেই নাপায়৷ বিজেপিৰ কৰ্মকাণ্ড আৰু সংখ্যালঘু বিৰোধী স্থিতিৰ বাবেই নগাঁৱত দলটোৱে শোচনীয় পৰাজয়ৰ মুখ দেখিব I গোটেই দিছপুৰ আৰু বাজপায়ী ভৱন নগাৱঁত উবুৰি খাই পৰিলেও তেওঁলোকৰ কাম নিসিজিব বুলি তীব্ৰ কটাক্ষ কৰে জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী গৰাকীয়ে ৷
আনহাতে শেহতীয়া খবৰ অনুসৰি এআইইউডিএফে নগাঁৱৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে দলটোৰ মুৰব্বী বদৰুদ্দিন আজমলক ৷
ADVERTISEMENT































