Nagaon MP By Election:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:দেশৰ নিৰ্বাচন আয়োগে সোমবাৰে নগাঁও সংসদীয় সমষ্টিৰ উপ- নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতে তৎপৰ হৈ পৰে নগাঁও জিলা প্রশাসন ৷ সোমবাৰে জিলা খনৰ নতুন জিলা আয়ুক্ত হিচাপে যোগদান কৰা আইএএছ বিষয়া আৰণ্যক শইকীয়াই জিলা আয়ুক্তৰ সভাকক্ষত এক সংবাদমেলযোগে জিলা প্ৰশাসনে লোৱা তৎপৰতাৰ বিষয়ে সদৰী কৰে৷সেই অনুসৰি নগাঁও সংসদীয় সমষ্টিটোত মুঠ ভোটাৰ প্ৰায় ১১,৩৮,৩৬২জন । জিলাখনৰ ৬৮৪টা স্থানত স্থাপন কৰা হ’ব ১,৩৩৯টা কেন্দ্র। আনহাতে দিব্যাংগ আৰু ৮৫ৰ ঊৰ্ধৰ লোকৰ বাবে গৃহভোটৰ ব্যৱস্থা কৰাৰ সমান্তৰালভাৱে চৰকাৰী চাকৰিয়ালসকলৰ বাবেই পোষ্টেল ভোটৰ ব্যৱস্থা কৰা হৈছে৷ নগাঁও সংসদীয় সমষ্টিৰ অন্তৰ্গত নগাঁও জিলাত পাঁচটা বিধানসভা আছে। নিৰ্বাচনী কামকাজ পৰ্যবেক্ষণৰ বাবে জিলা খনত প্ৰায় ১৪৯জন বিষয়াক দায়িত্ব দিয়া হৈছে ৷
আয়ুক্ত গৰাকীয়ে আৰু কয় যে, নিৰ্বাচনৰ বাবে এটা নিয়ন্ত্ৰণ কক্ষ খোলা হৈছে৷ নিয়ন্ত্রণ কক্ষৰ ফোন নম্বৰ দুটা হ’ল ১০৭৭ আৰু ০৩৬৭২-২৩৮০০০৷ আনহাতে জিলা খনৰ ৩ খন আগশাৰীৰ শিক্ষানুষ্ঠানত স্থাপন কৰা হৈছে স্ট্রং ৰুম ৷ বিদ্যালয় কেইখন হ’ল নগাঁও চৰকাৰী উঃ মাঃ চৰকাৰী বালক বিদ্যালয়,নগাঁও চৰকাৰী উঃ মাঃ চৰকাৰী বালিকা বিদ্যালয় আৰু ডচন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় ৷






























