Silchar:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:ভাৰতত অবৈধভাৱে অনুপ্ৰৱেশ কৰি আৰক্ষীৰ জালত পৰা নাইজেৰিয়ান নাগৰিকক কাছাৰৰ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতে এবছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰে।
উল্লেখ্য যে চলিতবৰ্ষৰ ২৫ মাৰ্চত শিলচৰৰ পাৰ্ক ৰোডৰ ডি আই জি বাংলো এলেকাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ইমেকা আচেডো নামৰ নাইজেৰিয়াৰ অবৈধ অনুপ্ৰৱেশকাৰী নাগৰিকজনক৷ ধৃত নাইজেৰিয়ান নাগৰিকজনে ঘনিয়ালা অঞ্চলৰ এটা ভাড়াঘৰত বাস কৰি আছিল৷তেওঁ হাতত নাছিল কোনো বৈধ পাৰপত্ৰ আৰু ভিছা।
অৱশেষত কাৰাৰুদ্ধ হৈ থকা অৱস্থাতে কাছাৰৰ মুখ্য ন্যায়িক দণ্ডাধীশ মতিলাল দাসৰ আদালতে ইমেকা আচেডোক কাৰাদণ্ডৰে দণ্ডিত কৰে ৷
ADVERTISEMENT






























