Guwahati:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক::মহানগৰীত দিনক দিনে বৃদ্ধি পাইছে অবৈধ জুৱা৷সময়ে সময়ে আৰক্ষীয়ে অবৈধ জুৱাৰ বিৰুদ্ধে অভিযান চলাই যদিও সম্পূৰ্ণৰূপে বন্ধ কৰিব পৰা নাই জুৱা ৷
শুকুৰবাৰে নিশা বিশেষ খবৰৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে লক্ষ্মী নগৰৰ গুনা এপার্টমেণ্টত অতৰ্কিতে অভিযান চলাই উৎখাত কৰে জুৱাৰ ঘাটি। অবৈধ জুৱাৰ স’তে জড়িত থকাৰ অভিযোগত আটক কৰে তিনি জুৱাৰিক ৷ ধৃত জুৱাৰী কেইজন হ’ল দেৱানন্দ কমল দাস আৰু পাৰ্থ দলে৷অভিযানত জব্দ কৰা হয় কেছিনোৰ কইন ভর্তি এটা ব্রিফকেচ, তিনিটা ম’বাইল ফোন, ২৯টা তাচপাতৰ বাকচ ৷
ADVERTISEMENT






























