Horoscope:মেষ: এই ৰাশিৰ জাতক-জাতিকাই বগা কাপোৰ পৰিধান কৰিব। বিদ্যার্থীসকলৰ বাবেও ভাল দিনটো। ৰাজনৈতিক ক্ষেত্ৰত উন্নতিৰ যোগ। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ২।
বৃষ: কৰ্মক্ষেত্ৰত শত্ৰুৱে প্রতিনিয়ত ক্ষতিৰ চেষ্টা কৰিব। সংসাৰৰ ফালে মানসিক শান্তি বিঘ্নিত হ’ব পাৰে। ভ্ৰমণৰ যোগ। শুভ ৰং নীলা। শুভসংখ্যা ৮।
মিথুন: দাম্পত্য জীৱনত শান্তি বিঘ্নিত হ’ব পাৰে। দৈনন্দিত কৰ্মৰ গতি বৃদ্ধি পাব। টকা-পইচাৰ ক্ষেত্ৰত সাৱধান হ’ব। চৰকাৰী চাকৰিৰ ক্ষেত্রত ভাল। শুভ ৰং চিলভাৰ। শুভ সংখ্যা ৭।
কর্কট: বিদ্যার্থীসকলৰ শুভ। ব্যৱসায় ক্ষেত্ৰত বৰ ভাল দেখা নাযায়। যান-বাহনৰ পৰা সতৰ্ক থাকিব। বন্ধু-বৰ্গৰ পৰা আঁতৰি থকাই ভাল। শুভৰং কমলা। শুভ সংখ্যা ৫।
সিংহ: আজি সন্ধিয়া গণেশ মন্দিৰত পাঁচটা লাডু দান কৰিব আৰু ধূপ-চাকি বন্তি জ্বলাব। চাকৰিৰ ক্ষেত্ৰত আগবাঢ়িব। শুভ ৰং ক’লা। শুভসংখ্যা ৩।
কন্যা: গা ধুৱাৰ পাছত ৰঙা কাপোৰ পৰিধান কৰি ওঁ হ্রীং শ্রীং শ্রীসূর্যায় নমঃ এই মন্ত্ৰ ২০ বাৰ জপ কৰিব। নিৰামিষ আহাৰ কৰিব। শুভ ৰং ক্রীম। শুভ সংখ্যা ৩।
তুলা: সন্তানৰ শাৰীৰিক সমস্যাই চিন্তাত পেলাব। ব্যৱসায় ক্ষেত্রত আর্থিক উন্নতিৰ যোগ দেখা যায়। বিদ্যার্থীসকলৰ বাবে ভাল। শুভ ৰং ৰঙা। শুভ সংখ্যা ৮।
বৃশ্চিক: কর্মক্ষেত্রত ভাল। ফুৰা-চকাৰ ক্ষেত্ৰত সাৱধান। প্ৰেমত শুভ। শাৰীৰিক ক্ষেত্ৰত উন্নিত। ঘৰত আলহীৰ আগমন। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ১।
ধনু: কোনো বন্ধুৰ কাৰণে আর্থিকভাৱে ক্ষতিগ্রস্ত হ’ব পাৰে। বিবাহৰ যোগ। ব্যৱসায়ৰ ক্ষেত্ৰত অশুভ। প্রেমত শুভ। শুভ ৰং মেৰুণ। শুভসংখ্যা ২।
মকৰ চাকৰি ক্ষেত্রত জটিলতাই দেখা দিব। হঠাৎ আঘাত পাব পাৰে। বিদ্যার্থীসকলৰ বাবে ভাল। শুভ ৰং বগা। শুভ সংখ্যা ৮।
কুম্ভ: বিদ্যার্থীৰ শুভ। ৰাজনীতিৰ ক্ষেত্ৰত দিনটো শুভ। যান-বাহনৰ পৰা সাৱধান। ভিক্ষাৰীক দান কৰিব। কৰ্মক্ষেত্ৰত জটিলতাই দেখা দিব। শুভৰং হালধীয়া। শুভ সংখ্যা ২।
মীন: সংসাৰৰ প্ৰতি চকু ৰাখক। ঘৰৰ কোনো ব্যক্তি আঘাত প্রাপ্ত হ’ব পাৰে। চাকৰি ক্ষেত্রত উন্নতি। বিদ্যার্থীসকলৰ বাবে ভাল। প্রেমত অশুভ। শুভ ৰং সোণালী। শুভ সংখ্যা ৬।































