Horoscope:মেষ: হাতত লোৱা পৰিকল্পনা বাস্তৱত পৰিণত হ’ব পাৰে। খং দমন কৰি চৰক। মন্দিৰত চাকি-ধূপ জ্বলাব।
বৃষ: সমাজ সেৱামূলক কামত যোগদান কৰিলে মানসিক শান্তি পাব। প্রেমত শুভ যদিও বদনামৰ কাৰকতা আছে।
মিথুন: উন্নতিৰ সুযোগ আহিব পাৰে। শাৰীৰিক ক্ষেত্ৰত বেয়া নহয়। প্রেমত শুভ।
কর্কট: কাজ-কর্মত উৎসাহ বৃদ্ধি পাব। ভ্ৰমণৰ পৰিকল্পনা হ’ব পাৰে। বিদ্যার্থীসকলৰ শুভ যদিও যত্ন কৰা দৰকাৰ।
সিংহ: দূৰ ভ্ৰমণ কৰিব পাৰে। সন্তানৰ বাবে চিন্তা। প্রেমত অশুভ। ভিক্ষাৰীক দান দিব।
কন্যা: ঘৰুৱা অশান্তি। পতি-পত্নীৰ মাজত মত বিৰোধ। মাতৃৰ বাবে চিন্তিত। প্রেমত অশুভ।
তুলা: শিক্ষার্থীৰ বাবে সুযোগ-সুবিধা আহিব। শাৰীৰিক দিশত বিশেষকৈ খোৱা-বোৱাত অলপ সাৱধানে চলিব। প্রেমত সন্দেহ।
বৃশ্চিক: ব্যৱসায়ীসকলৰ লোকচান হোৱাৰ সম্ভাৱনা আছে। চাকৰিয়ালৰ পদোন্নতিৰ যোগ। নিবনুৱাসকলৰ কৰ্ম লাভৰ যোগ।
ধনু: দুর্ঘটনা হোৱা সম্ভাৱনা আছে। খৰচ বৃদ্ধিৰ সম্ভাৱনা। প্ৰেমত মতবিৰোধ হোৱাৰ সম্ভাৱনা আছে।
মকৰ: নতুন কৰ্মলাভ। মানসিক কষ্ট পাব। প্রেমত অশুভ।
কুম্ভ: ব্যৱসায়ৰ ক্ষেত্ৰত শুভ। চাকৰিয়ালৰ অশান্তি হ’ব। বিদ্যার্থীসকলৰ শুভ। পাৰিলে ভ্ৰমণ নকৰাই ভাল।
মীন: সংসাৰত ব্যয় বৃদ্ধিৰ ফলত চিন্তা বাঢ়িব। ছাত্ৰ-ছাত্ৰীৰ বাবে সমস্যা দেখা দিব। ব্যৱসায়ত ক্ষতি হোৱাৰ সম্ভাৱনা আছে। প্রেমত শুভ।































