Horoscope:মেষ: এই ৰাশিৰ জাতক-জাতিকাই হালধীয়া ৰঙৰ কাপোৰ পৰিধান কৰিব। শিক্ষাৰ্থীসকলৰ বাবে ভাল। ব্যৱসায়ীসকলে নতুন কামত হাত নিদিয়াই ভাল। শুভ ৰং হালধীয়া। শুভ সংখ্যা ২।
বৃষ: বন্ধুবৰ্গৰ পৰা সাৱধানে থাকিব। চাকৰিৰ ক্ষেত্ৰত বৰ ভাল নহয়। ঘৰত কোনোবা মহান ব্যক্তিৰ আগমন। শুভ ৰং ৰঙা। শুভ সংখ্যা ১।
মিথুন: কর্মক্ষেত্রত শত্রুৱে প্রতিনিয়ত ক্ষতিৰ চেষ্টা কৰিব। বিদ্যার্থীসকলৰ শুভ। যান-বাহনৰ পৰা সাৱধান। ব্যৱসায়ৰ ক্ষেত্ৰত অতি অশুভ। শুভ ৰং মেৰুণ। শুভ সংখ্যা ৩।
কর্কট: সংসাৰৰ ফালে মানসিক শান্তি বিঘ্নিত হ’ব পাৰে। গণেশ মন্দিৰত পাঁচটা লাডু দান কৰিব। শিক্ষার্থীয়ে ভবা মতে ফল নাপাব। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৫।
সিংহ: ৰাজনৈতিক ক্ষেত্ৰত উন্নতিৰ যোগ। আর্থিকত মধ্যম। বিদ্যার্থীৰ শুভ। ব্যৱসায়ীসকলে নতুন কামত হাত নিদিয়াই ভাল। শুভ ৰং ক’লা। শুভ সংখ্যা ৭।
কন্যা: কোনো বন্ধুৰ কাৰণে আর্থিকভাবে ক্ষতিগ্রস্ত হ’ব পাৰে। কর্মক্ষেত্রত সাফল্য আহিলেও আশানুৰূপ অর্থ নাহিব। শুভ ৰং গুলপীয়া। শুভসংখ্যা ৮।
তুলা: বিভিন্ন ফালে মনৰ আশা পূৰ্ণ হোৱাৰ যোগ দেখা যায়। ভিক্ষাৰীক দান কৰিব। দূৰ ভ্ৰমণ। শুভ ৰং নীলা। শুভ সংখ্যা২।
বৃশ্চিক: যান-বাহনৰ পৰা সতৰ্ক থাকিব। বিবাহৰ যোগ। প্ৰেমত অশুভ। বিদ্যার্থীয়ে ভবা মতে ফল নাপাব। ভ্রমণৰ যোগ আছে। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ১।
ধনু: গা ধুৱাৰ পাছত বেল গছৰ গুৰিত পানী ঢালিব। যাত্রা নকৰিব। চাকৰিৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে। সংসাৰৰ প্ৰতি নজৰ ৰাখিব। সৰু-সুৰা শাৰীৰিক সমস্যা হ’ব পাৰে। শুভ ৰং বেঙুনীয়া
মকৰ: ভাল-বেয়াৰ মাজেৰে দিনটো পাব হ’ব। ক’লা কাপোৰ দান আৰু নিৰামিষ আহাৰ গ্ৰহণ কৰিব। বিদ্যার্থীয়ে পঢ়াত মনোযোগ দিলে আশা কৰা মতে ফল পাব। শুভ ৰং ছিলভাৰ। শুভ সংখ্যা ৪।
কুম্ভ: প্রেমত শুভ। চাকৰিৰ ক্ষেত্ৰত বাধা। যান-বাহনৰ পৰা সাৱধান থাকিব। ঘৰত কোনো ব্যক্তি শাৰীৰিক সমস্যাত ভুগিব। শুভ ৰং বগা। শুভ সংখ্যা ৮।
মীন: এই ৰাশিৰ জাতক-জাতিকাই ৰঙা বস্ত্ৰ পৰিধান কৰিব আৰু নিৰামিষ আহাৰ গ্ৰহণ কৰিব। এজন ব্রাহ্মণক এখন গীতা আৰু দক্ষিণা দান কৰিব। শুভ ৰং কমলা। শুভ ৰং ৯।































