Horoscope:মেষ: আর্থিক দিশত সচ্ছলতা আহিব। ব্যৱসায়তো শুভ ফল আশা কৰিব পাৰে। প্ৰেমত শুভ। বিদ্যার্থীৰ শুভ। শুভ ৰং হালধীয়া।
বৃষ: উদ্যোগৰ পৰা আয় বৃদ্ধি হ’ব। কিন্তু আশা কৰা মতে ধন সঞ্চয় কৰিব নোৱাৰিব। কৰ্মক্ষেত্ৰত উন্নতিৰ যোগ। শুভ ৰং বগা।
মিথুন: উচ্চ শিক্ষাত নানা বাধাৰ সন্মুখীন হ’ব। শাৰীৰিক ক্ষেত্ৰত শুভ ফল আশা কৰিব নোৱাৰে। প্ৰেমত অশুভ। শুভ ৰং নীলা।
কর্কট: বিবাহৰ যোগাযোগত শুভ। দাম্পত্য জীৱন সুখকৰ হ’ব। সন্তানৰ যশ কীর্তিয়ে আনন্দ দিব। প্রেম-প্রীতিত আশাপ্রদ ফল পাব। শুভ ৰং মেৰুণ।
সিংহ: চাকৰিৰ ক্ষেত্ৰত উন্নতিত অযথা পলম আৰু বাধা আহিব। ব্যৱসায়ত শুভ যদিও কোনো লোকৰ পৰা ক্ষতি হ’ব পাৰে। শুভ ৰং ক’লা।
কন্যা: পাৰিবাৰিক দিশত কাৰোবাক দায়িত্বপূর্ণ কাম দিয়াৰ পূৰ্বে সাৱধান হ’ব। মাহটোত হাতলৈ অর্থ আহিলেও ব্যয়ৰ বাট মুকলি থাকিব। বিদ্যার্থীৰ বাবে দিনটো অশুভ। শুভ ৰং বেঙুনীয়া।
তুলা: নিবনুৱা ব্যক্তিৰ কৰ্মলাভৰ যোগ আছে। আইনজ্ঞসকলৰ অশুভ। স্থাবৰ সম্পত্তি লাভৰ যোগ। বিবাহৰ ক্ষেত্রত নতুন যোগাযোগ হ’ব। শুভ ৰং সেউজীয়া।
বৃশ্চিক: বিবাহৰ প্ৰাৰ্থীৰ বাবে শুভ। ভ্ৰমণত সাৱধান হ’ব। প্ৰেমৰ ক্ষেত্রত বাধাসমূহ দূৰ হ’ব। প্রতি শুকুৰবাৰে দেৱী সন্তোষীৰ পূজা-অৰ্চনা কৰিব। শুভ ৰং সোণালী।
ধনু: আয়ৰ ক্ষেত্ৰত বিশেষ শুভফল লাভ কৰিব। উপাৰ্জন বৃদ্ধি পাব। ব্যৱসায় ক্ষেত্ৰত তলতীয়া লোকৰ পৰা সাৱধান। প্ৰেমত অশুভ। শুভ ৰং গুলপীয়া।
মকৰ : কৰ্মক্ষেত্ৰত শুভ ফল লাভৰ সম্ভাৱনা আছে। স্থান পৰিৱৰ্তন, পদোন্নতি যশ ৰুদ্ধৰ কাৰক। বিদ্যাৰ্থীৰ পক্ষে শুভ মাহ। শুভ ৰং ক্ৰীম।
কুম্ভ: প্রেম-বিবাহৰ ক্ষেত্ৰত বাধাসমূহ দূৰ হোৱাৰ সম্ভাৱনা আছে। পাৰিবাৰিক দিশত পিতৃ-মাতৃৰ অশুভ। প্রেমত হতাশা আহিব। দাম্পত্যত সুখ। শুভ ৰং কমলা।
মীন: বৈষয়িক উন্নতি হোৱাৰ কাৰকতা আছে। পুৰণা সংগ লাভ কৰিব। প্ৰেমত শুভ। বিদ্যার্থীৰ অশুভ। শুভ ৰং ৰঙা।































