India Kabaddi:বিপদত পৰা এটা কুকুৰ পোৱালিক উদ্ধাৰ কৰিবলৈ গৈ মৃত্যু মুখত পৰিল উত্তৰ প্ৰদেশৰ ৰাজ্যিক পৰ্যায়ৰ কাবাডী খেলুৱৈ ব্রিজেশ সোলংকী ।
উদ্ধাৰ কৰা কুকুৰ পোৱালিটোৱে কামোৰাৰ পাছতো কোনো ধৰণৰ ৰেবিজৰ ভেকচিন লোৱা নাছিল।
এই সাধাৰণ ভুলৰ বাবেই ৰেবিছ ৰোগত আক্ৰান্ত হৈ প্ৰতিভাৱান কাবাডী খেলুৱৈজন মৃত্যু মুখত পৰে । চৰকাৰী ৰেকৰ্ড অনুসৰি ভাৰতত প্ৰতি বছৰে এনে ভুলৰ বাবে ৫৭০০ লোকৰ মৃত্যু হয়।
ৰেবিছ ভেকচিন গ্ৰহণৰ ক্ষেত্ৰতো সজাগতা সৃষ্টিৰ বাবেও উদ্যোগ গ্ৰহণ কৰিছে কেন্দ্ৰটোৱে।
উত্তৰ প্ৰদেশৰ ফাৰানা গাঁৱৰ বাসিন্দা আছিল খেলুৱৈ বৃজেশ।তেওঁ নলাত পৰি থকা এটা কুকুৰ পোৱালি উদ্ধাৰ কৰিছিল। বৃজেশৰ ভাতৃ সন্দীপে জনোৱা মতে, অসাৱধানতাৰ বাবে তেওঁৰ হাতত কুকুৰটোৰ দাঁত লাগি যায়।তাৰ পাছতে কুকুৰ পোৱালিটোৱে ভয় খাই তেওঁক কামুৰি দিয়ে ।
সেইদৰে তেওঁ ঘাঁৰ যত্নও লোৱা নাছিল। প্ৰায় তিনিমাহৰ পাছত হঠাতে তেওঁৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটিল। ২৬ জুনত কাবাডী অনুশীলনৰ সময়ত তেওঁৰ উশাহ-নিশাহৰ সমস্যা হ’বলৈ আৰম্ভ কৰে।পৰিয়ালৰ অভিযোগ অনুসৰি তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হৈছে।
যদিও চিকিৎসালয় কৰ্তৃপক্ষই বৃজেশক ভৰ্তি কৰিব বিচৰা নাছিল কাৰণ সমস্যাৰ সঠিক কাৰণ জানিব পৰা হোৱা নাছিল। উপযুক্ত চিকিৎসা লাভ কৰাৰ পূৰ্বে ২৮ জুনত তীব্ৰ যন্ত্ৰণাত মৃত্যুক সাৱতিলে প্ৰতিভাৱান কাবাডী খেলুৱৈগৰাকীয়ে।
আইচিএমআৰ-নেচনেল ইনষ্টিটিউট অৱ এপিডেমিঅ’লজি (আইচিএমআৰ-এনআইই)ৰ সঞ্চালক ডাঃ মনোজ মুৰেকাৰৰ মতে ভাৰতত জলাতংক ৰোগত মৃত্যুৰ হাৰ ৭৫ শতাংশ হ্ৰাস পাইছে।
অৱশ্যে জলাতংক ৰোগত মৃত্যু হোৱা লোকৰ ক্ষেত্ৰত ভাৰত এতিয়াও বিশ্বৰ শীৰ্ষ দেশৰ ভিতৰত আছে।
কেন্দ্ৰটোৱে ২০৩০ চনৰ ভিতৰত জলাতংকৰ ফলত হোৱা মৃত্যুৰ সংখ্যা নিৰ্মূল কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।এই সন্দৰ্ভত ডাঃ মুৰেকাৰে দাবী কৰিছে যে কেৱল মানুহক টিকা দিয়াটোৱেই প্ৰয়োজনীয় নহয়। কুকুৰক টিকাকৰণ কৰাটোও নিশ্চিত কৰিব লাগিব।






























