Rabies:✒️মহাৰাষ্ট্ৰৰ নালাসোপাৰাত এক গভীৰ চিন্তাজনক আৰু হৃদয়বিদাৰক ঘটনা পোহৰলৈ আহিছে। মাত্ৰ কুকুৰৰ সামান্য আঁচোৰৰ পাছত প্ৰয়োজনীয় টিকা সম্পূৰ্ণ নকৰাত ন বছৰীয়া এগৰাকী কন্যাই ৰেবিজত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে।
প্ৰতিবেদন অনুসৰি, প্ৰায় ছয় মাহ আগতে পথ কুকুৰে কন্যাজনীৰ হাতত আঁচোৰ মাৰিছিল। ঘটনাৰ পাছত পৰিয়ালে চিকিৎসাৰ বাবে লৈ গৈছিল যদিও, ইঞ্জেকশনৰ প্ৰতি ভয়ৰ বাবে ছাত্ৰীজনীয়ে এন্টি-ৰেবিজ টিকা সম্পূৰ্ণ কৰিব পৰা নাছিল।
কিন্তু কেইমাহমান পাছত হঠাৎ স্বাস্থ্য অৱনতি ঘটিবলৈ আৰম্ভ কৰে। তেওঁ খোৱা-লোৱা বন্ধ কৰি দিয়ে, চকু ৰঙা হোৱা আদি লক্ষণ দেখা যায়—যি ৰেবিজৰ উন্নত স্তৰৰ লক্ষণ বুলি চিকিৎসকসকলে কয়।
অৱস্থা সংকটজনক হৈ পৰাত তেওঁক মুম্বাইৰ চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়, কিন্তু চিকিৎসাধীন অৱস্থাতেই মৃত্যু ঘটে।
চিকিৎসা বিশেষজ্ঞসকলে স্পষ্টকৈ জনাইছে যে, ৰেবিজ এক মাৰাত্মক ভাইৰাছজনিত ৰোগ আৰু লক্ষণ দেখা দিয়াৰ পাছত প্ৰায় ১০০ শতাংশ ক্ষেত্ৰতেই মৃত্যুৰ আশংকা থাকে। সেয়েহে কুকুৰে কামুৰা বা আঁচোৰ কৰা যেনেকৈ “সৰু” ঘটনা বুলিও অৱহেলা কৰা উচিত নহয়।
এই ঘটনাই পুনৰ এবাৰ স্পষ্ট কৰিছে যে, সময়মতে সম্পূৰ্ণ এন্টি-ৰেবিজ টিকা গ্ৰহণ কৰাটো জীৱন ৰক্ষাৰ বাবে অতি জৰুৰী। একে সময়তে, পথ কুকুৰ নিয়ন্ত্ৰণ আৰু জনসচেতনতা বৃদ্ধিৰ দাবীও স্থানীয় ৰাইজৰ মাজত জোৰদাৰ হৈ উঠিছে।






























