Iran:✒️দক্ষিণ-পূব ইৰাণৰ আদালতত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ। ন্যায়াধীশৰ কোঠাত প্ৰৱেশ কৰি গুলীচালনা! এই ঘটনাত কমেও আঠ জন লোকৰ মৃত্যু হয়। তথ্য অনুসৰি ইয়াৰে তিনিজন সন্ত্ৰাসবাদী। আহত আৰু ১৩ জন। আহতকেইজনক স্থানীয় প্ৰশাসনে উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে।
স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি চিস্তান-বেলুচেস্তান প্ৰদেশৰ ৰাজধানী জাহেডানত এই আক্ৰমণ সংঘটিত হৈছে। চুন্নী উগ্ৰপন্থী সংগঠন জেইছ আল আদলে এই আক্ৰমণ সংঘটিত কৰে।
ইতিমধ্যে গোটটোৱে এই আক্ৰমণ সংঘটিত কৰা বুলি স্বীকাৰ কৰিছে।এক সূত্ৰৰ পৰা জানিব পৰা মতে, জাহেদানৰ আদালত গৃহত সংঘটিত হৈছে মানৱ বোমা আক্ৰমণ।
কাষৰীয়া অঞ্চলৰ লোকসকলেও বন্দুকৰ গুলীৰ শব্দ শুনিবলৈ পায়।উগ্ৰপন্থীৰ আক্ৰমণৰ সাক্ষী হোৱা বেলুচ অধিকাৰ সংগঠন HAALVSH য়ে জনোৱা মতে, উগ্ৰপন্থীয়ে ন্যায়াধীশৰ চেম্বাৰত আক্ৰমণ কৰাত কেবাজনো ন্যায়িক বিষয়া আৰু নিৰাপত্তাৰক্ষী নিহত আৰু আহত হয়। আৰক্ষীয়ে অঞ্চলটো ঘেৰাও কৰি তদন্ত আৰম্ভ কৰিছে।






























