Mushalpur BJP Joining program:
বি টি আৰত নিৰ্বাচনৰ দিন চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজত বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা । তামুলপুৰ আৰু বাক্সা জিলাতো বৃদ্ধি পাইছে বিজেপিৰ নিৰ্বাচনী তৎপৰতা । একেদৰে বাগানপাৰা পৰিষদীয় সমষ্টিতো বৃদ্ধি পাইছে বিজেপিৰ নিৰ্বাচনী তৎপৰতা। বিজেপি নেতা সুমিত কুমাৰ বড়োৰ নেতৃত্বত আজি অনুষ্ঠিত হয় যোগদান কাৰ্যসূচী ।
বাগানপাৰা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত উজিৰখাটত বিভিন্ন ৰাজনৈতিক দলৰ পৰা বহুসংখ্যক লোকে আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। এই যোগদান কাৰ্যসূচীত উপস্থিত থাকে তামুলপুৰ জিলা বিজেপিৰ সাধাৰণ সম্পাদক ৰাজেশ বড়ো, বাগানপাৰা মণ্ডল বিজেপিৰ সভানেত্ৰী ভিক্টোৰিয়া মেধী, সাধাৰণ সম্পাদক ৰমেন চক্ৰৱৰ্তীৰ লগতে বহুকেইজন নেতা-কৰ্মী ।
উজিৰঘাটৰ লোকসকলে বিগত সময়ত বিভিন্ন চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হৈ থকা বুলি ক্ষোভ প্ৰকাশ কৰে সভাখনত। ইয়াৰ উপৰি অঞ্চলটোৰ যাতায়ত ব্যৱস্থা উন্নত হোৱা আৰু সমবিকাশ-সমউন্নয়ন বিচাৰি আজি বিজেপি দলত যোগদান কৰাৰ কথা ব্যক্ত কৰিছে ।






























