Morigaon:
বিভিন্ন লোকৰ পৰা অনলাইন প্ৰবঞ্চনাৰে কোটি কোটি টকা লুন্ঠন কৰা মৰিগাঁৱৰ কুখ্যাত চাইবাৰ অপৰাধী অৱশেষত পৰিল মৰিগাঁও আৰক্ষীৰ জালত ৷
ছৰিফুল ইছলাম নামৰ চাইবাৰ অপৰাধীটোক মৰিগাঁও আৰক্ষীয়ে কলকাতা আৰক্ষীৰ সহযোগত কলকাতাৰ পৰা গ্ৰেপ্তাৰ কৰে ৷ বহুদিন ধৰি আৰক্ষীৰ ৰোষত পৰাৰ ভয়ত আত্মগোপন কৰি আছিল কলকাতাত ৷ ধৃত অপৰাধীটোৰ বিৰুদ্ধে ৰাজ্য ভিন্ন থানাত ৰজু হৈ আছে বহুকেইটা গোচৰ ৷
ADVERTISEMENT





























