Cyber Criminal Arrested in Guwahati:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:এশ গৰু মাৰিলে বাঘৰো মৰণ এই আপ্তবাক্যশাৰী প্ৰযোজ্য হ’ল দুই চাইবাৰ অপৰাধীৰ ক্ষেত্ৰত৷ বেংক একাউণ্টৰ জৰিয়তে দীৰ্ঘদিন ধৰি গ্ৰাহকক প্ৰৱঞ্চনা কৰি অহা দুই চাইবাৰ অপৰাধী মহানগৰ আৰক্ষী জালত পৰিল ৷
মহানগৰীৰ পাঞ্জাবাৰীৰ আইডিবিআই বেংকৰ শাখাত বেংক একাউণ্ট পুনৰ মুকলি কৰিবলৈ আহোঁতেই পূৰ্বৰে পৰা খাপ পিটি থকা আৰক্ষীয়ে দুই চাইবাৰ অপৰাধী ক্ৰমে শ্বামনুৰ ৰহমান আৰু শুভম শ্বাহক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷
ADVERTISEMENT






























