Nagaon:
নগাঁৱৰ আয়ুসৰেখা স্বৰূপ কলঙৰ পাৰৰ মাটিত অচিৰেই জিলা প্ৰশাসনে চলাব উচ্ছেদ অভিযান। ইয়াৰ বাবে অতি বেদখলকাৰীলৈ জাৰি কৰিব । ৷
জিলাখনৰ মাজমজিয়াৰে বৈ যোৱা কলং নৈৰ দুয়োকাষ বেদখল মুক্ত কৰাৰ উদ্দেশ্যেৰে বৃহস্পতিবাৰে জিলা আয়ুক্ত দেৱাশীষ শর্মাই স্পীড বোটেৰে কলং নৈৰ নেহৰুবালিৰ পৰা ১০ কিলোমিটাৰকৈ পূৱে – পশ্চিমে বিস্তীর্ণ অঞ্চল আৰু চহৰৰ ঐতিহ্যমণ্ডিত মৰিকলং বিলৰ অঞ্চলৰ বেদখল এলেকাও পৰিদৰ্শন কৰে ৷
পৰিদৰ্শনৰ কালচোৱাত আয়ুক্ত গৰাকীয়ে নগাঁও চহৰৰ মাজেৰে চিৰ প্ৰবাহিত কলং নদী স্তব্ধতাৰ কাৰণসমূহ সুক্ষ্মভাবে পর্যবেক্ষণ কৰে। পৰিদৰ্শনৰ অন্তত আয়ুক্ত গৰাকীয়ে জিলা আয়ুক্তৰ কক্ষত সাংবাদিকৰে হোৱা এক বাৰ্তালাপত কলং নৈৰ দুয়ো পাৰত অবৈধভাৱে নিৰ্মিত বাসগৃহৰ গৰাকী সমূহে নিজ নিজ ঘৰৰ অপৰিস্কাৰ পানীসমূহ কলংলৈ প্রবাহিত কৰা কাৰ্য বন্ধ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰাৰ লগতে শৌচাগাৰৰ টেংকী কলঙৰ পৰা আঁতৰাই নিনিলে গ্ৰেপ্তাৰ হ’ব লাগিব বুলি সকীয়নি দিয়ে দখলকাৰীক। আনহাতে এই নির্দেশনা অৱমাননা কৰা ব্যক্তিৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণৰ সকীয়নি প্ৰদান কৰে।
ইপিনে,কলং পৰিদৰ্শনৰ সময়ছোৱাত আয়ুক্ত গৰাকীক সংগ দিয়ে অতিৰিক্ত আয়ুক্ত শৌভিক ভূঞা আৰু নগাঁও সদৰ ৰাজহ চক্ৰ বিষয়া ঋষিকেশ বৰুৱাই ৷






























