Nagaon:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:নগাঁও লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ সাতটা দিন থকা অৱস্থাত শাসক – বিৰোধী সকলো প্ৰচাৰাভিযানত উবুৰি খাই পৰিছে ৷ এফালে যদি কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাৰ সমৰ্থনত গৌৰৱ গগৈয়ে সমষ্টিটোৰ বিভিন্ন স্থানত মাৰাথন প্ৰচাৰ অভিযান চলাইছে৷ আনফালে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ কে’বাজনো কেবিনেট সতীৰ্থ,ৰাজ্যিক বিজেপিৰ সভাপতি সহ অৰ্ধ শতাধিক বিজেপি- অগপৰ বিধায়ক সংখ্যালঘু অধ্যূষিত অঞ্চলত চলাইছে ইখনৰ পিছত সিখনকৈ নিৰ্বাচনী ৰেলী৷পিছ পৰি থকা নাই এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমল। জ্বৰা- পকা ৰাজনীতিৰে সংখ্যালঘু ৰাইজৰ মন জয় কৰাৰ বাবে বিভিন্ন কৌশলৰে প্ৰচাৰাভিযানত নামি পৰিছে আজমল৷ মাৰাথন প্ৰচাৰাভিযানৰ মাজতে মুখ্যমন্ত্ৰী,গৌৰৱ গগৈ আৰু আজমলৰ বাকযুদ্ধ সকলোৰে বাবে চৰ্চিত বিষয় হৈ পৰিছে ৷
মঙলবাৰে নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত বহু কেইখন প্ৰচাৰ ৰেলীত অংশ লৈ সাংবাদিকৰে হোৱা বাৰ্তালাপ এপিচিচিৰ সভাপতি গৌৰৱ গগৈ পুনৰ সৰৱ হৈ পৰে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৷ গগৈয়ে কয়, সংখ্যালঘু ৰাইজক বিধানসভা নিৰ্বাচনৰ সময়ত সদায়ে শান্তিত থাকিব দিয়া নহ’ব বুলি কোৱা মুখ্যমন্ত্ৰীয়ে এতিয়া পাভলুটি মাৰি সংখ্যালঘু ৰাইজৰ ক্ৰাণক্ৰতা হোৱাৰ অভিনয় কৰিছে সভা- সমিতি৷ এনে এজন বহুৰূপী অভিনেতাক’ অস্কাৰ’ দিব লাগে ৷
আনহাতে আজি এনডিএৰ প্ৰক্ষেপিত প্ৰাৰ্থী দেৱাশিস শৰ্মাৰ হৈ নগাঁৱৰ বহু কেইখন প্ৰচাৰ সভাত অংশ লোৱা মুখ্যমন্ত্ৰীক সাংবাদিকে গৌৰৱ গগৈৰ অস্কাৰ প্ৰসংগত সোধাত কয় যে ,মোক অস্কাৰ দিলে মই ভালেই পাম, মই ল’ৰালি কালৰে পৰা নাটক কৰি আহিছো ৷ ককা দেউতা নাতি আৰু হাতী,মিৰি জীয়ৰী কৰি আহিছো সৰুতেই ৷
গতিকে মোক অস্কাৰ দিলে মই ভালেই পাম,অসমেও এটা অস্কাৰ পাব ৷ আচলতে গৌৰৱ গগৈ পৰাজয়ৰ শংকাত ভুগিছে ৷ নিৰ্বাচনৰ ফলাফলৰ দিনা তেওঁৰ মুখমণ্ডল কি পৰিস্ফুট হ’ব। সকলোৱে সেয়া দেখিব ৷ সংখ্যালঘু ৰাইজক দীৰ্ঘদিন ধৰি ভোট বেংক হিচাপে ব্যৱহাৰ কৰি কংগ্ৰেছে তেওঁলোকক প্ৰৱঞ্চনা কৰি আহিছিল ৷ এই নিৰ্বাচনত তেওঁলোকক সমূচিত প্ৰত্যুত্তৰ দিব সংখ্যালঘু ৰাইজে ৷
ADVERTISEMENT































