Jammu and Kashmir:✒️জম্মু-কাশ্মীৰত পুনৰ ধাৰাসাৰ বৰষুণ আৰু শিলাবৃষ্টিয়ে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। শুকুৰবাৰে গভীৰ নিশা জম্মুৰ ৰম্বন জিলাৰ ৰাজবাগ অঞ্চলত হোৱা এক আকস্মিক বানপানীৰ ফলত কেবাটাও ঘৰ আৰু এখন প্ৰাথমিক বিদ্যালয় ধ্বংস হয়।
প্ৰাপ্ত তথ্য অনুসৰি,এতিয়ালৈকে এই ঘটনাত তিনিজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে চাৰিজন সন্ধানহীন।
স্থানীয় সূত্ৰৰ মতে, শুকুৰবাৰে বিয়লিৰ পৰা অঞ্চলটোত অবিৰতভাৱে বৰষুণ দি আছিল। পুৱা প্ৰায় ১২:৩০ বজাত হঠাতে আকস্মিক বান আহে।
হঠাতে হোৱা প্ৰচণ্ড সোঁতে উটুৱাই লৈ গ’ল দুটা ঘৰ। মৃত আৰু নিৰুদ্দেশ হোৱা লোকসকল সেই ঘৰ দুটাৰে বাসিন্দা । দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী আৰু উদ্ধাৰকাৰী দলে ধাৰাসাৰ বৰষুণতে নিৰুদ্দেশ হোৱা লোকসকলক বিচাৰিবলৈ আৰম্ভ কৰে।
১৪ আগষ্টত ধাৰাসাৰ বৰষুণৰ বাবে জম্মু-কাশ্মীৰৰ কিষ্টৱাৰত প্ৰচণ্ড ধুমুহা আহিছিল। এতিয়াও সন্ধানহীন হৈ আছে কেবাজনো লোক। ইয়াৰ পাছত জম্মুৰ ডোডা, ৰেইচি, কথুৱাতো একেধৰণৰ প্ৰাকৃতিক দুৰ্যোগ সংঘটিত হয়।
চৰকাৰী তথ্য অনুসৰি ১৪ আগষ্টৰ পৰা ২৮ আগষ্টৰ ভিতৰত কেন্দ্ৰীয় শাসিত অঞ্চলত মুঠ ১৩৮ জন লোকৰ মৃত্যু হৈছে। বতৰ বিজ্ঞান বিভাগে জানিবলৈ দিয়া মতে, দুই ছেপ্টেম্বৰ পৰ্যন্ত জম্মুৰ পাহাৰীয়া অঞ্চলত অবিৰত বৰষুণ অব্যাহত থাকিব।






























