Pakistan:✒️প্ৰকৃতিৰ ৰোষত কাৰ্যত নৰকলৈ পৰিণত হৈছে পাকিস্তান। যোৱা জুন মাহৰ পৰা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ভূমিস্খলনত ডুব গৈছে পাকিস্তানৰ বৃহৎ অঞ্চল। বানপানীৰ ফলত দ্ৰুতগতিত বৃদ্ধি পাইছে মৃত্যু হোৱা লোকৰ সংখ্যা ।
পাকিস্তানৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ এক প্ৰতিবেদন অনুসৰি যোৱা ২৬ জুনৰ পৰা দেশখনত হোৱা দুৰ্যোগৰ ফলত ৮৫৪ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১১০০ লোক আহত হৈছে। স্থানচ্যুত হৈছে ২০ লাখৰো অধিক লোক।
পাকিস্তান প্ৰশাসনে জনাইছে যে পাকিস্তানত আন বছৰৰ তুলনাত এইবাৰ প্ৰচণ্ড বৰষুণৰ ফলত অধিক ক্ষতিগ্ৰস্ত হৈছে।যাৰ ফলত সাধাৰণ জনতাই হাৰাশাস্তিৰ সন্মুখীন হ’ব লগা হৈছে। বিগত ৪০ বছৰে পাকিস্তানত এনে ভয়াবহ বানপানী দেখা পোৱা নাই। পাকিস্তানত কেবাখনো গাঁও এতিয়া পানীৰ তলত।
ধ্বংস হৈছে হেজাৰ হেজাৰ একৰ মাটিত শস্য । পঞ্জাৱ সম্প্ৰচাৰ মন্ত্ৰী আজম বুখাৰীয়ে কয় যে, “কেৱল পঞ্জাৱতে হোৱা বিধ্বংসী বানপানীৰ ফলত ২০ লাখতকৈ অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। অৱশ্যে উদ্ধাৰ প্ৰচেষ্টাত কোনো ধৰণৰ শিথিলতা এৰি দিয়া হোৱা নাই।বানাক্ৰান্ত অঞ্চলৰ পৰা উদ্ধাৰ হৈছে সাত লাখ ৬০ হেজাৰ লোক। পাঁচ লাখৰো অধিক গৰু উদ্ধাৰ কৰা হৈছে। ”
প্ৰাপ্ত তথ্য অনুসৰি লাহোৰ, হাফিজাবাদ আৰু মুলতান জিলাত যোৱা ২৪ ঘন্টাত ৬০ মিলিমিটাৰতকৈ অধিক বৰষুণ হৈছে। কমেও চাৰিটা ঠাইত ১২০ মিলিমিটাৰতকৈ অধিক বৰষুণ হৈছে। চিন্ধু নদীৰ উপনৈ চন্দ্ৰভাগ আৰু ইৰাৱাডীয়ে বিস্তৃত অঞ্চল বুৰাই পেলাইছে।
দুৰ্যোগৰ ফলত সৰ্বাধিক লোকৰ মৃত্যু হৈছে খাইবাৰ পাখতুনখোৱাত, কেৱল এই প্ৰদেশতে আকস্মিক বান আৰু অন্যান্য দুৰ্ঘটনাত ৪০৬ জন লোকৰ মৃত্যু হৈছে।
পাকিস্তানৰ আটাইতকৈ জনবহুল অঞ্চল বুলি গণ্য কৰা পঞ্জাৱ প্ৰদেশখন বিগত এসপ্তাহত ভয়াৱহ বানপানীৰ ফলত প্লাবিত হোৱাৰ লগতে প্ৰদেশখনৰ ১৭০০ খন গাঁও ডুব গৈছে।






























