Pakistan :✒️পাকিস্তানত উদ্ধাৰ হোৱা এক প্রাচীন সংস্কৃতৰ মোহৰত বর্ণিত হৈছে মহাদেৱ শিৱৰ দেৱদাৰু গছৰ চাৰিওফালে ঘুৰা কাহিনীৰ সবাতোকৈ কলাত্মক বিৱৰণ। খ্রীষ্টীয় পঞ্চম শতিকাৰ এই মোহৰৰ শেহতীয়াভাৱে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ (এএছআই)-এ তত্ত্বোদ্ধাৰ কৰিছে।
এই মোহৰৰ লিপিত ব্রাহ্মী ভাষাৰ আখৰো পোৱা গৈছে। এই মোহৰ স্বামী কটেশ্বৰলৈ উৎসর্গিত এক শিৱ মন্দিৰৰ আছিল এই মোহৰ। এই সম্পৰ্কত এএছআইৰ শীৰ্ষ বিষয়া কে মুনিৰত্নমে জনায় যে মোহৰটোৰ ওপৰত লিখা কথাত আছে ‘দেৱদাৰুবর্ণে স্বামী কটেশ্বৰ’।
ভাৰতীয় পুৰাতাত্ত্বিক জৰীপলৈ এই মোহৰ হস্তান্তৰ কৰে হংকঙৰ ফ্রাঁচোৱা মেণ্ডেভাইলে। এছআইব মতে এই লিপিক ভগৱান শিৱক লৈ থকা কাহিনীসমূহৰ ভিতৰত সবাতোকৈ অধিক কলাত্মক বিৱৰণ আখ্যা দিব পাৰি।
এই কাহিনীত মহাদেৱে স্কন্দপুৰাণত বর্ণিতৰ লেখীয়াকৈ দেৱদাৰু গছৰ চাৰিওফালে ঘূৰি থকাৰ কথা আছে। উল্লেখ্য যে শেহতীয়া কিছু মাহত ভাৰতীয় পুৰাতাত্ত্বিক জৰীপে পাকিস্তানত উদ্ধাৰ হোৱা বহু শিলালিপিৰ ব্যাখ্যা কৰিছে।
তদুপৰি ২০২৪ত পূৰাতাত্ত্বিক জৰীপে পাকিস্তান অধিকৃত কাশ্মীৰৰ গিলগিটৰ বহিঃঅঞ্চলৰ পৰা উদ্ধাৰ হোৱা চতুর্থ শতিকাৰ এক সংস্কৃত লিপিৰো ব্যাখ্যা কৰে। এই লিপি ব্রাহ্মী লিপিত লিখা আছিল।































