Chirang Teachers day :
চিৰাং জিলা সদৰ কাজলগাঁও স্থিত ডায়েটত জিলা ভিত্তিত জিলা প্ৰসাশনে আয়োজন কৰা শিক্ষক দিৱসত জিলা আয়ুক্ত যতীন বৰা। অনুষ্ঠানত জিলাখনৰ ১১১ গৰাকি কৃতি শিক্ষকক সম্বৰ্ধনা জনায় জিলা প্ৰশাসনে । উক্ত অনুষ্ঠানতে যোৱা মাহত অৱসৰ গ্ৰহণ কৰা তিনিজন শিক্ষকক আজি সম্বৰ্ধনা জনোৱাৰ লগতে পেন্সনৰ যাৱতীয় নথিপত্ৰ হাতত তুলি দিয়ে জিলা আয়ুক্ত যতীন বৰাই । অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিজনী মহাবিদ্যালয়ৰ অধ্যক্ষ ড: বিৰহাশগিৰি বসুমতাৰী , জিলা বিদ্যালয় সমুহৰ পৰিদৰ্শক বিজয় বৈষ্ণৱ,জিলা আয়ুক্ত যতীন বৰা, ডায়েটৰ অধ্যক্ষ নাছিৰুদ্দিন আহমেদ ।
শিক্ষক দিৱসৰ কাৰ্য্যসূচীৰ পূৰ্বে জিলা আয়ুক্ত আৰু বিদ্যালয় সমুহৰ পৰিদৰ্শকে চিৰাং জিলাৰ বিজনী লৈ গৌৰৱ কঢ়িয়াই অনা দুগৰাকী আদৰ্শ শিক্ষকক সম্বৰ্ধনা জনায় । শিক্ষক দুগৰাকী একেটা পৰিয়ালৰে ভাতৃ-ভগ্নী। বিজনীৰ বড়োবাজাৰৰ নিৱাসী অৱসৰপ্ৰাপ্ত আদৰ্শ শিক্ষক বালিচৰণ বসুমতাৰীলৈ অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই প্ৰদান কৰিলে বলিষ্ঠ শিক্ষক সন্মান বঁটা। ৰাজ্যপালৰ হৈ চিৰাঙৰ আয়ুক্ত যতীন বৰাই বড়োবাজাৰস্থিত নিজ বাসভৱনত উপস্থিত হৈ শিক্ষক গৰাকীক এই বঁটা প্ৰদান কৰে। আয়ুক্ত যতীন বৰাক সংগ দিয়ে বিজনীৰ চক্ৰ বিষয়া কুলজিৎ শৰ্মা, চিআৰচিচি কাৰ্তিক দাস, বড়োবাজাৰ হাইস্কুলৰ অধ্যক্ষ খুংখ্ৰা বসুমতাৰী সহ বিষয়াৰ দলে ।
উল্লেখ্য ১৯৮৭ চনত শিক্ষা বিভাগত যোগদান কৰি ২০১৮ চনত বিজনীৰ কালেপাৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰে শিক্ষক বালিচৰণ বসুমতাৰীয়ে। বিগত ২০১৫ চনত চিৰাং জিলা ভিত্তিত শ্ৰেষ্ঠ শিক্ষকৰ বঁটা লাভ কৰাৰ লগতে বিগত ২০১৬ চনত বিজনী আঞ্চলিক এবছু আৰু বিগত ২০১৭ চনত চিৰাং জিলা এবছুৰ তৰফৰ পৰা শিক্ষক বালিচৰণ বসুমতাৰীলৈ শ্ৰেষ্ঠ শিক্ষকৰ সন্মান প্ৰদান কৰিছিল। ইয়াৰ উপৰিও বালিচৰণ বসুমতাৰী বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত।
একেটা পৰিয়ালৰে শিক্ষক বালিচৰণ বসুমতাৰীৰ ভগ্নী শিক্ষয়িত্ৰী স্বৰ্ণলতা বসুমতাৰীক ৰাজ্যিক ভিত্তিত বঁটাৰ বাবে কৰিবলৈ তেজপুৰলৈ আমন্ত্ৰণ জনাইছে। স্বৰ্ণলতা বসুমতাৰী কালেপাৰা প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত। নিশ্চিত ভাৱে চিৰাং জিলাৰ বাবে এক আদৰ্শৰ পৰিয়াল। তেখেত সকলোৰ অৱদানৰ বাবে চিৰাং জিলা খনে এই সন্মান পাবলৈ সক্ষম হৈছে। ইফালে এই বঁটা লাভ কৰি আবেগিক হৈ পৰে শিক্ষক বালিচৰণ বসুমতাৰী।






























