BTC Election Polling Update:
আজি পুৱা ৭.৩০ বজাৰ পৰা বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটদান আৰম্ভ হয় ৷ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি দিনৰ ১১.৩০ বজালৈ ভোটদানৰ হাৰ ৩২.১৮ শতাংশ ৷
কোকৰাঝাৰ,চিৰাঙত ভোটদনৰ হাৰ আশানুৰূপ হোৱাৰ বিপৰীতে কম ভোট দান হয় বাক্সাত৷ লাভ কৰা তথ্য অনুসৰি কোকোৰাঝাৰৰ ১২পৰিষদীয় সমষ্টিৰ পৰ্বতঝেৰাত ৩৭.৬ শতাংশ,গোমাত ২৮. ৭ ,শ্ৰীৰামপুৰত ২৮.৯,যমদুৱাৰত ৩৮.৭ চৰাইবিলত ৩০.৫ কচুগাঁৱত ৩৭.৩, দোতমাত ৩২.৪ ফকিৰগ্ৰামত ৩০.২ ,বানৰগাঁৱত ৩৩.৯ দেৱৰগাঁৱত ৩২.৯,বাওখুংগ্ৰীত ৩২.১ শতাংশ ৷
আনহাতে চিৰাঙৰ ৭ পৰিষদীয় সমষ্টিৰ চিৰাঙত ৩৮.০৬ চিৰাং দুৱাৰত ৩৮ .৫৪ ,কাজলগাঁৱত ৩৮.১৪,নিচিমাত ৩৫.৩৭ সবাইঝাৰত ৪২. ২৭ ,মানস ছেৰফাঙত ৩৯.৪২ আৰু থৰিমাৰিত ৩০.১৫৷
বাক্সাৰ ৬ পৰিষদীয় সমষ্টিত ১১.৩০ বজালৈ ভোটদানৰ হাৰ কম আছিল ৷ জিলাখনৰ মথনগুৰিত ২১.৫১ ,শালবাৰীত ১৪. ১২ আৰু ককলাবাৰীত ২৫.৯০ শতাংশ ভোটদানৰ হাৰ ৷






























