Dry day declared in Guwahati :
খানাপাৰা আৰু যোৰাবাটৰো সকলো সুৰাৰ বিপণী থাকিব বন্ধ অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্রিয়া অনুষ্ঠানৰ বাবে আজি আৰু কাইলৈ গুৱাহাটী মহানগৰীত ড্ৰাই ডে ঘোষণা কৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনে ৷ সেই অনুসৰি সোমবাৰ আৰু মঙলবাৰে গুৱাহাটী মহানগৰীৰ সকলো সুৰা বিপণী বন্ধ থাকিব।

আজি ড্ৰাই ডে সমন্ধীয় নিৰ্দেশনা জাৰি কৰে অসম চৰকাৰৰ আবকাৰী বিভাগৰ সচিব নীৰা ডাওলাগুপুৱে I আনহাতে অসম চৰকাৰৰ অনুৰোধমৰ্মে মেঘালয় প্ৰশাসনেও খানাপাৰা আৰু যোৰাবাটত আজি আৰু কাইলৈ সুৰা বিপণী বন্ধ ঘোষণা কৰে ৷
ADVERTISEMENT






























