BTC Elections Vote Counting:
বিটিচিত কোনে উৰুৱাব বিজয় নিচান ৷ সেই উদ্দেশ্যৰে আজি বিটিচিৰ পাঁচ খন জিলাৰ সদৰত স্থাপন কৰা গণনা কক্ষৰ ৭ৰ পৰা ১৭ খন পর্যন্ত কাউন্টিং টেবুলত পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা ৷ প্ৰাৰম্ভিক পৰ্যায়ত পোষ্টেল বেলতত বিপিএফৰ ৰাজকীয় অগ্ৰগতি লাভ ৷ পোষ্টেল বেলতত মেজিক নম্বৰ অতিক্ৰম কৰে বিপিএফে ৷ সেই অনুসৰি বিপিএফ ২৪,ইউপিপিএল ৩ আৰু বিজেপি ২ ৷ প্ৰায়বোৰ সমষ্টিতে বিপিএফে ব্যাপক অগ্ৰগতি লাভ কৰিছে ৷
কোকোৰাঝাৰৰ ছালাকাটি সমষ্টিত বিপিএফৰ প্ৰাৰ্থী দেৰহাছাৎ মুছাহাৰীৰ অগ্ৰগতি লাভ কৰাৰ বিপৰীতে পিছপৰি আছে ইউপিপিএলৰ লৰেন্স ইছলাৰী, কাজলগাঁৱত বিপিএফৰ পানীৰাম ব্ৰক্ষ্ম আগবাঢ়ি আছে ,পিছপৰি আছে ইউপিপিএলৰ প্ৰাৰ্থী প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰক্ষ্ম ৷
আনহাতে কচগাঁৱত বিপিএফৰ ৰবিৰাম নাৰ্জাৰীৰ বৃহৎ অগ্ৰগতিৰ বিপৰীতে পিছ পৰি আছে ইউপিপিএলৰ উকিল মুছাহাৰী ৷ পাঁচনৈ চেৰফাঙত বিপিএফ শ্যাম চুণ্ডী,ধনশ্রীত বিপিএফৰ ফ্ৰেছ মুছাহাৰী,ননৈ চেৰফাঙত বিপিএফ পল তপ্ন আৰু মুদৈবাৰীত বিজেপিৰ দিগন্ত বৰুৱাৰ অগ্রগতি লাভ ৷ দোতমাত পিছ পৰি আছে প্ৰমোদ বড়ো। সমষ্টিটোত আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থী গৰাকী ৷ দেৱৰগাঁও সমষ্টিত অগ্ৰগতি হাগ্ৰামা মহিলাৰীৰ।
শেহতীয়া খবৰ অনুসৰি বিপিএফ ২১,ইউপিপিএল ৮ আৰু বিজেপি ৮ টা সমষ্টিত অগ্ৰগতি লাভ কৰিছে।
ADVERTISEMENT






























