Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

    Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

    NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

    Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

    Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

    CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

শাসনৰ বিন্দুৰ পৰা বহু দূৰলৈ ওফৰিল ইউপিপিএল-বিজেপি 

বিটিচিৰ ফলাফলে জোঁকাৰিলে ৰাজনীতি

publisher by publisher
September 28, 2025
in Assam, News
Reading Time: 1 min read
0
শাসনৰ বিন্দুৰ পৰা বহু দূৰলৈ ওফৰিল ইউপিপিএল-বিজেপি 
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Big Scam:প্রাক্তন অধ্যক্ষাৰ নেতৃত্বত দুষ্টচক্ৰৰ দ্বাৰা ১৮ কোটি টকা আত্মসাতৰ অভিযোগ

উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

কংগ্ৰেছৰ প্ৰায় ২০ গৰাকী প্ৰাৰ্থীয়ে ৰাজীৱ ভৱনৰ পৰা সংগ্ৰহ কৰিলে ফৰ্ম ‘এ’ আৰু ফৰ্ম ‘বি’ 

BTC Election:✒️ব্যাপক ধনবল-জনবল প্রয়োগ কৰিও বিটিচিত শাসকৰ আসনত পুনৰ অধিষ্ঠিত হোৱাটো দূৰৰে কথা, হাগ্ৰামা মহিলাৰীৰ শক্তিশালী প্রত্যাৱৰ্তনত শাসনৰ কেন্দ্ৰবিন্দুৰ পৰা বহু দূৰলৈ ওফৰি গ’ল ইউপিপিএল-বিজেপি। মহিলাৰীৰ নেতৃত্বাধীন বিপিএফে পাঁচ বছৰ বিৰোধীত অৱস্থান কৰাৰ পাছত শুকুৰবাৰে ঘোষিত ফলাফলত বিটিচিৰ মুঠ ৪০খন আসনৰ ভিতৰত ২৮খনেই লাভ কৰি নিৰংকুশ সংখ্যাগৰিষ্ঠতা অর্জন কৰাত হতভম্ব হৈছে ৰাজনৈতিক বিশ্লেষকো।

ADVERTISEMENT

ইউপিপিএল আৰু বিজেপিয়ে এইবাৰ পৃথকে প্রতিদ্বন্দ্বিতা কৰিলেও সাধাৰণ ৰাইজৰ মাজত এই মিত্রজোট শাসকগোষ্ঠীৰূপেই পৰিচিত আছিল। অর্থাৎ বিগত পাঁচ বছৰত তীব্র প্রতিষ্ঠানবিৰোধী ঢৌৱে কোবাইছিল প্রমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল-বিজেপিৰ মিত্ৰ শাসকগোষ্ঠীক। যাৰ বাবেই এইবাৰ ফলাফল কাৰ হাতলৈ যাব সেই ছবিখন একপ্ৰকাৰ ধূসৰ হৈ থকাৰ জাল ফালি অভাৱনীয় আসনৰে পুনৰ আত্মপ্রকাশ ঘটিল মহিলাৰীৰ বিপিএফৰ।

তেওঁৰ একালৰ ঘনিষ্ঠ সংগী বিটিচিৰ প্ৰাক্তন উপ-মুখ্য কার্যবাহী খাম্পা বৰগয়াৰী আৰু ৰাজ্য চৰকাৰৰ এজন প্রাক্তন প্রভাৱশালী মন্ত্রী চন্দন ব্রহ্ময়ো বিজেপিৰ মিত্ৰ ইউপিপিএলৰে পুনৰ জয় হ’ব বুলি ক্ষমতাৰ লোভত ঢৌতে খৰ মাৰি মহিলাৰীৰ সংগ ত্যাগ কৰে যদিও গভীৰভাৱে আশাহত হ’বলগীয়া হয়।

বিগত কমেও এটা দশক ধৰি অসমৰ প্রত্যেকটো সৰু-বৰ নির্বাচনত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই বিজেপি মিত্ৰজোঁটৰ তাৰকা প্ৰচাৰকৰূপে আগভাগ লৈ আহিছে। অসমেই নহয়, ভাৰতৰো বিভিন্ন ৰাজ্যত তেওঁ প্ৰচাৰ চলাবলৈ যায়। এই তাৰকা মুখ্যমন্ত্ৰী শৰ্মাৰো ছন্দময় নৃত্য-গীত, আশ্বাস-প্রত্যয়, আঁচনিৰ টোপ-প্রলোভনৰে ভৰা ব্যয়বহুল প্রচাৰেও কাম নিদিলে বিটিচিত। শেহতীয়া সময়ত এনে এক ধাৰণা গা কৰি উঠিছিল যে ৰাজনৈতিক প্ৰচাৰত মুখ্যমন্ত্ৰীয়ে য’তেই হাত দিয়ে সিয়ে হৈ পৰে সোণ। অথচ ‘মিডাছ’ৰ এই থিয়’ৰী নেচেল হ’ল বিটিচি নিৰ্বাচনত। সম্প্ৰতি হোৱা নিৰ্বাচনী ফলাফলৰ পাছত ৰাজনৈতিক বিশ্লেষক মহলে এনে মতেই প্রকাশ কৰিছে।

মুখ্যমন্ত্ৰীৰ যাদু যেন কিছু সময়ৰ বাবে কপূৰৰ দৰে বতাহত মিলি গ’ল। এই চর্চা এই বাবে হৈছে কিয়নো বিটিচিৰ নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰীয়ে ধাৰাবাহিকভাবে হেলিকপ্টাৰৰে নিৰ্বাচনী প্ৰচাৰ চলাইছিল। প্রধানমন্ত্রী আৱাস গৃহ, অৰুণোদয় আঁচনি, লাখপতি বাইদেউ আদি নানান আঁচনিৰ প্ৰত্যয়-আশ্বাস-প্রতিশ্রুতিৰেও ভোটাৰৰ মন জিনিব নোৱাৰিলে মুখ্যমন্ত্ৰীয়ে। তেওঁৰ নেতৃত্বত শাসকীয় বিজেপিয়ে এই নির্বাচনী প্ৰচাৰক এনে এক পর্যায়লৈ লৈ গৈছিল যে আন দলসমূহেও ফেৰ মাৰিবলৈ তৎপৰ হয়। লোকসভা-বিধানসভা নিৰ্বাচনৰ দৰে বৃহৎ নির্বাচনী প্ৰচাৰৰ ৰূপৰেখাৰে একো একোটা পৰিষদীয় সমষ্টিত মুখ্যমন্ত্রী শর্মাই কমেও দুখনকৈ সভাত অংশ লয়।

তদুপৰি মন্ত্রী পীযূষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, বহুবন্ধী মন্ত্রী অশোক সিংহলকে ধৰি ৰাজ্য চৰকাৰৰ মন্ত্রীসকলে বাহৰ পাতি থাকে। তেওঁলোকৰ ঘনিষ্ঠ প্রার্থীৰ সমষ্টিত ছজনকৈ মন্ত্রীয়েও বাহৰ পতা দেখা গ’ল। অথচ শেষ ৰক্ষা নহ’ল। মুখ থেকেচা খালে বিজেপি-ইউপিপিএলে। মুখ্যমন্ত্রীয়ে বিভিন্ন সময়ত ১৫খন আসন লাভ কৰিব বুলি দৃঢ়তাৰে দাবী কৰিছিল।

আসন বৃদ্ধি দূৰৰে কথা পূর্বে লাভ কৰা আসনকেইখনো হেৰুৱালে। কালি বহু নিশা পর্যন্ত ফলাফলৰ পৰিসংখ্যা প্রকাশ পোৱা নাছিল। কালি অসম ৰাজ্যিক নির্বাচন আয়োগে এই পৰিসংখ্যা প্রকাশ কৰে। এই মর্মে বিজেপিয়ে মাত্র পাঁচখন, বিপিএফে ২৮খন আৰু ইউপিপিএলে সাতখন আসন লাভ কৰিছে। বিগত ২০২০ৰ নির্বাচনত বিপিএফে ১৭খন, ইউপিপিএলে ১২খন, বিজেপিয়ে নখন, কংগ্রেছে এখন, গণ সুৰক্ষা পার্টিয়ে এখন আসন লাভ কৰিছিল। অর্থাৎ বিজেপিয়ে এইবাৰ চাৰিখন আসন হেৰুৱালে আৰু বিপিএফে ১১খন অধিক আসন লাভ কৰিলে। ইউপিপিএলে এইবাৰ হেৰুৱালে পাঁচখন আসন।

ইপিনে, কোকৰাঝাৰত মুঠ ১২খনৰ ভিতৰত বিপিএফে ১১খন আৰু ইউপিপিএলে মাত্র এখন আসন লাভ কৰিছে। বিজেপিৰ আসনৰ সংখ্যা শূন্য। একেদৰে চিৰাঙতো বিজেপিৰ আসনৰ সংখ্যা শূন্য। চিৰাঙত মুঠ সাতখন আসনৰ ভিতৰত বিপিএফে পাঁচ আৰু ইউপিপিএলে দুখন আসন লাভ কৰিছে। ওদালগুৰিত ১০খনৰ ভিতৰত বিপিএফে সাতখন,ইউপিপিএলে এখন আৰু বিজেপিয়ে দুখন আসন লাভ কৰিছে। তামুলপুৰত পাঁচখনৰ ভিতৰত বিজেপিয়ে দুখন, বিপিএফে দুখন আৰু ইউপিপিএলে এখন আসন লাভ কৰিছে। বাকসাত মুঠ ছখনৰ ভিতৰত বিপিএফে তিনিখন, ইউপিপিএলে দুখন আৰু বিজেপিয়ে এখন আসন লাভ কৰিছে।

এই ফলাফলে ২০২৬ৰ নির্বাচনত প্রভাৱ পেলাব নেকি তাকে লৈ ইতিমধ্যে চর্চা আৰম্ভ হৈছে। কোকৰাঝাৰ অন্যতম মূল ভেটি মহিলাৰীৰ কোকৰাঝাৰত ১২খনৰ ভিতৰত ১১খন আসনেই দখল কৰা মহিলাৰী চমকত বিধ্বস্ত হ’ল শাসকীয় বিজেপি আৰু ইউপিপিএল। ৰাইজে প্রত্যাখ্যান কৰিলে ইউপিপিএলক। ঘনিষ্ঠ সূত্রত প্রকাশ যে মহিলাৰীয়ে হয়তো নিজেই ভবা নাছিল যে এনেদৰে গাদী দখলৰ বাবে প্রয়োজনীয় যাদুকৰী নম্বৰ অতিক্রম কৰি বৃহৎ ফলাফল লাভ কৰিব। জনতা জনার্দনে হিয়া উজাৰি অপ্ৰতিৰোধ্য ৰূপত তুলি ধৰিলে মহিলাৰীক।

সূত্ৰত প্রকাশ যে প্রমোদ বড়ো নেতৃত্বাধীন ইউপিপিএলে একক সংখ্যাগৰিষ্ঠতাৰে বিজয়ী হ’ব বুলি নিশ্চিত আছিল আৰু দলৰ সমর্থকরূপে অৱস্থান কৰা ছাত্র সংগঠন এবছুরে ফটকা আৰু আতচবাজীও ক্রয় কৰিছিল। অৱশ্যে কংগ্রেছেও বিটিচিত সুফল দেখুৱাব বুলি দাবী কৰিছিল। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়েও নেতৃত্ব দিছিল প্ৰচাৰৰ। কিন্তু কোনো আশাৰ বতৰা কঢ়িয়াবলৈ সক্ষম নহ’ল বুলি চর্চা চলিছে। বিটিচিত আজিৰ তাৰিখত কংগ্ৰেছ একপ্ৰকাৰ বিধ্বস্ত হ’ল বুলি ক’ব পাৰি। ইপিনে, আজি কোকৰাঝাৰস্থিত বিপিএফৰ কেন্দ্ৰীয় কাৰ্যালয়ত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়।

সন্ধিয়াৰে পৰাই নেতা-কর্মী-সমর্থক কার্যালয়ত উপস্থিত হৈ আলিংগন কৰে আৰু নৃত্য-গীতৰে শুভেচ্ছা জ্ঞাপন কৰে। ফটকা ফুটাই এক আবতৰীয়া দেৱালীৰ পৰিৱেশৰ সৃষ্টি কৰে।

ওদালগুৰিতো মুঠ ১০খন আসনৰ সাতখনেই দখল কৰি পূৰ্বৰ দুৰ্গ পুনৰুদ্ধাৰ কৰে বিপিএফে। ওদালগুৰিৰ ভৈৰৱকুণ্ড সমষ্টিত বিপিএফৰ বিজয়ী প্রার্থী প্রাক্তন মন্ত্রী বিহন দৈমাৰীয়ে কয়, ‘এইবাৰ বিটিচিত হাগ্রামা মহিলাৰীৰ নেতৃত্বত চৰকাৰ গঠন হ’ব বুলি আমি আগতেই গম পাইছিলো। ইউপিপিএলে বিগত পাঁচ বছৰত ৰাইজক দিয়া প্রতিশ্রুতি পালন কৰিব নোৱাৰিলে। যাৰ বাবে ৰাইজে ক্ষোভৰ বহিঃপ্রকাশ ঘটালে। মন্ত্রী-তন্ত্রী বৃহৎ পৰিকল্পনা আৰু আন্তঃগাঁথনিৰে বিজেপিয়ে বিটিচি নিৰ্বাচনত প্ৰচাৰ চলাইছিল।

অসম চৰকাৰৰ একোজন মন্ত্রী বা ৰাজ্যিক বিজেপিৰ শীর্ষ নেতৃত্বক দিয়া হৈছিল পর্যবেক্ষকৰ দায়িত্ব। এইমর্মে কোকৰাঝাৰৰ পৰ্বতঝোৰা, গোমা যমদুৱাৰ, চৰাইবিল, কচুগাঁও, ফকিৰাগ্রাম, দোতমা, বনগাঁও আৰু ছালাকাটিৰ দায়িত্বত আছিল মন্ত্রী অশোক সিংহল। ফোঁপদ্রহী মন্ত্রী সিংহলৰ ফোঁচফোচনিয়ে সাৰ হ’ল। কোকৰাঝাৰত বৃহৎসংখ্যক আসন দখলৰ লম্ফ-জম্ফ কৰা সিংহলৰ নেতৃত্বতে বিজেপিয়ে মুখ থেকেচা খালে। ইপিনে, চিৰাং জিলাৰ চিৰাং, সবাইঝাৰ, মানাহ ছেৰফাং আৰু থুৰিবাৰীৰ দায়িত্বত আছিল মন্ত্রী কৌশিক ৰায় আৰু ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱ লোচন দাস। চিৰাঙত কোকৰাঝাৰৰ দৰে বিজেপিৰ আসন শূন্য হ’ল।

ইপিনে, বাকসাৰ মথনগুৰি, শালবাৰী, ককলাবাৰী, দিহিৰা, মুছলপুৰৰ দায়িত্বত আছিল মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। ইয়াত বিজেপিয়ে মাত্র এখন আসন লাভকৰে। তামুলপুৰৰ বাগানপাৰা, দৰঙাজুলি, নাগ্ৰীজুলি, শুক্লাই ছেৰফাং আৰু গোৰেশ্বৰৰ দায়িত্বত আছিল মন্ত্রী জয়ন্ত মল্ল বৰুৱা আৰু ৰাজ্যিক নেতা ঋতুপর্ণ বৰুৱা। ইয়াত বিজেপিয়ে লাভ কৰে দুখন আসন। ওদালগুৰিৰ খৈৰাবাৰী, ভেৰগাঁও, ননৈ ছেৰফাং, খালিংদুৱাৰ, মুদৈবাৰী, ভৈৰৱকুণ্ড আৰু পাঁচনৈ ছেৰফাঙৰ দায়িত্বত আছিল মন্ত্রী পীযুষ হাজৰিকা আৰু ৰাজ্যিক নেতা অভিজিৎ নাথ। ইয়াত বিজেপিয়ে লাভ কৰে দুখন আসন। বিটিচি নিৰ্বাচনৰ নামত ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকলে এমাহৰো অধিক সময় প্ৰচাৰতে ব্যয় কৰে যদিও ফলাফল শূন্য।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BTCElection
publisher

publisher

Related Posts

Cabinet meeting in Dispur:এইবাৰ দুৰ্গা পূজাত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ৫ দিনলৈ বন্ধ
Assam

September 24, 2026
Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা
Assam

Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

September 24, 2026
Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ
International

Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

September 24, 2026
NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ
International

NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

September 24, 2026
Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি
Assam

Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

September 24, 2026
Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প
Assam

Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

September 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d