FIRE in Howly:
ৰাস মহোৎসৱ চলি থকাৰ মাজতে শুকুৰবাৰে নিশা হাউলী নগৰৰ মাজমজিয়াত সংঘটিত এক অগ্নিকাণ্ডত কেবাখনো দোকান ভস্মীভূত হয়। হাউলীৰ মূল চাৰিআলিৰ থানা ৰোডত সংঘটিত এই জুইৰ সূত্ৰপাত ক’ত ,কিদৰে হয় সেয়া স্পষ্ট হোৱা নাই ।
এই অগ্নিকাণ্ডত কেবাখনো গুমটিকে ধৰি বাৰখনৰো অধিক দোকান ভস্মীভূত হয়। সেইবোৰৰ ভিতৰত নখনেই হ’ল ঔষধৰ পাইকাৰী বিক্ৰী প্ৰতিষ্ঠান। বিশ্বনাথ দাস এণ্ড চন্স নামৰ পেট্ৰ’ল পাম্পৰ সমীপতে সংঘটিত এই ঘটনাক লৈ ৰাইজৰ মাজত তীব্ৰ আতংক বিয়পি পৰে। হাউলী আৰক্ষীৰ তথ্য অনুসৰি ঘন ঘনকৈ থকা কেইখনমান দোকানৰ পৰা ধোঁৱা ওলোৱা একাংশ লোকে প্ৰত্যক্ষ কৰে।
তাৰপাছত মুহূৰ্ততে জুয়ে ইখনৰ পাছত সিখন দোকান ঘেৰি ধৰে। হাউলীৰ লগতে বৰপেটা আৰু বৰপেটা ৰোডৰ পৰা যোৱা অগ্নিনিৰ্বাপক বাহিনীৰ আঠখন বাহনে প্ৰায় তিনিঘণ্টাৰ মূৰত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। এই ঘটনাত কেবা কোটি টকাৰ সম্পত্তি জাহ যোৱাৰ ধাৰণা কৰা হৈছে।



































