Justice Soumitra Saikia Judicial Commission:
জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ গঠন কৰা ন্যায়িক আয়োগৰ তদন্তৰ শুনানি আজি আবেলি চাৰি বজাত অন্ত পৰিব ৷
ADVERTISEMENT
ন্যায়াধীশ সৌমিত্র শইকীয়াৰ নেতৃত্বত গঠিত ন্যায়িক আয়োগত ইতিমধ্যে ৰাজ্যৰ বিভিন্ন দল- সংগঠনৰ লগতে বহুজনে দিছিল সাক্ষ্য সহ কেতবোৰ নথিপত্ৰ। ৰাজ্য চৰকাৰে গঠন কৰি দিয়া ন্যায়িক আয়োগে ৩ নৱেম্বৰৰ পৰা আৰম্ভ কৰিছিল সাক্ষ্য লোৱা প্ৰক্ৰিয়া ৷ উল্লেখ্য যে বিভিন্ন দল- সংগঠনে ন্যায়িক আয়োগৰ শুনানিৰ দিন আৰু বৃদ্ধি কৰিবলৈ দাবী কৰিছিল ৷



































