Daily Horoscope:✒️মেষ: নিজৰ শক্তিক বিশ্বাসত লওক। অবাবত সময় নষ্ট হ’ব। কাকো মিছা প্রতিশ্রুতি নিদিব। বিদ্যাত শুভ। শুভ ৰং বগা। অশুভ ৰং ৰঙা। শুভ সংখ্যা ৩।
বৃষ: আনৰ মন সহজে জয় কৰিব নোৱাৰিব। আনৰ কৰ্মত হস্তক্ষেপ নকৰিব। অহংকাৰ কমাওক। শুভ ৰং মেৰুণ। অশুভ ৰং নীলা। শুভসংখ্যা ৪।
মিথুন: ৰক্তচাপ বৃদ্ধি পাব। উপার্জন বৃদ্ধি। খাদ্যত গুৰুত্ব দিয়ক। আনক হিংসা নকৰিব। শুভ ৰং আকাশী। অশুভ ৰং ক’লা। শুভ সংখ্যা ৫।
কর্কট: শত্রুক লৈ চিন্তা নাই। আবেগৰ বশৱৰ্তী হৈ কোনো কাম নকৰিব। সহনশীল হওক। আয় বৃদ্ধি। শুভ ৰং কমলা। অশুভ ৰং ৰূপালী। শুভসংখ্যা ১।
সিংহ: সাহসৰ যোগেৰে উচ্চপদ পাব। যাকে-তাকে বিশ্বাসত নল’ব। আনক অন্যায় নকৰিব। প্ৰেমত শুভ। শুভ ৰং ৰঙা। অশুভ ৰং ক’লা। শুভ সংখ্যা ২।
কন্যা: সামাজিক আৰু ধর্মীয় স্থিতি উন্নত। বিবাহৰ যোগ। যান-বাহন লাভ। অর্থলাভ। শুভ ৰং সেউজীয়া। অশুভ ৰং কমলা। শুভ সংখ্যা ৪।
তুলা: পৰচৰ্চা নকৰিব, আনৰ ওপৰত একো নিৰ্ভৰ নকৰিব। ধন ধাৰলৈ নিদিব। দাম্পত্যত শুভ। শুভ ৰং সোণালী। অশুভ ৰং ৰঙা। শুভ সংখ্যা ২।
বৃশ্চিক: যিকোনো দুৰ্যোগৰ পৰা ৰক্ষা পৰিব। অবাবত ধনৰ অপচয় হ’ব পাৰে। সততা, সৰলতা ৰক্ষা পৰিব। শুভ ৰং আকাশী। অশুভ ৰং ক’লা। শুভ সংখ্যা ৫।
ধনু: আনক মিছা উপদেশ নিদিব। ভাগ্যৰ বহু পৰিৱৰ্তন। ব্যক্তিত্ব প্রকাশ। আবেগ কমাওক। শুভ ৰং হালধীয়া। অশুভ ৰং মুগা। শুভ সংখ্যা ২।
মকৰ: মূল্যবান সম্পত্তি লাভৰ যোগ। দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিব। নিজ শক্তিৰে আনক জয় কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত শুভ। শুভ ৰং আকাশী। অশুভ ৰং সোণালী। শুভ সংখ্যা ১।
কুম্ভ: হঠাৎ কোনো লোক আপোনাৰ বিৰুদ্ধে যাব পাৰে। যান-বাহনৰ পৰা সাৱধান হ’ব। শাৰীৰিক শক্তি বৃদ্ধি। শুভ ৰং মুগা। অশুভ ৰং কমলা। শুভ সংখ্যা ৩।
মীন: সকলোকে সন্তুষ্ট কৰিব নোৱাৰিব। আনৰ সকলো কথাত হয়ভৰ নিদিব। অহংকাৰ কমাওক। শুভ ৰং নীলা। অশুভ ৰং গেৰুৱা। শুভসংখ্যা ৪।
































