Horoscope:✒️মেষ: স্বাস্থ্যৰ অশান্তিৰ বাবে ব্যৱসায়ত সমস্যা হ’ব। মানসিক অস্থিৰতাৰ যোগ। প্ৰেমৰ শুভ ফল। নতুন কামৰ সুযোগ আহিব পাৰে। বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। শুভ ৰং মাখন, শুভ সংখ্যা ৫।
বৃষ: অতিৰিক্ত কোনো ব্যৱসায়ৰ বাবে আলোচনা হ’ব পাৰে। অন্য কমত ঝামেলা বাঢ়িব পাৰে। কামৰ ভাল সুযোগ আহিব পাৰে। শিক্ষাত শুভযোগ। শুভ ৰং হালধীয়া, শুভ সংখ্যা ২।
মিথুন: ঘৰুৱা দিশৰ খৰচৰ বাবে স্ত্ৰীৰ লগত বিবাদ হ’ব। মাতৃৰ শৰীৰ লৈ চিন্তা বৃদ্ধি। চিকিৎসা সংক্রান্ত কামৰ বাবে গোটেই দিনটো ব্যস্ততাৰ মাজেৰে পাৰ হ’ব। শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৪।
কর্কট: বন্ধুৰ লগত দূৰৰ ঠাইত ভ্ৰমণৰ সুযোগ দেখা যায়। পুৱাৰ পৰা স্বাস্থ্যৰ অশান্তি হ’ব পাৰে। মূৰৰ যন্ত্রণা বৃদ্ধি। নতুন ব্যৱসায় আৰম্ভ কৰিব বাবে আজি শুভ দিন। শুভ ৰং বগা, শুভ সংখ্যা ৭।
সিংহ: ব্যৱসায়ত শুভ যোগাযোগ আহিব পাৰে। ৰাজনীতিৰ লগত জড়িত লোকসকলৰ বাবে ভাল খবৰ আহিব পাৰে। আনক সহায় কৰিব যোৱাত নিজে বিপদত পৰিব। শুভ ৰং সোণালী, শুভ সংখ্যা ২।
কন্যা: সন্তানৰ বাবে চিন্তা বাঢ়িব। স্ত্ৰীৰ লগত বিবাদ হ’ব পাৰে। প্ৰিয়জনৰ বাবে মানসিক যন্ত্রণা বাঢ়িব পাৰে। আর্থিক দিশৰ আয় বৃদ্ধি হোৱাৰ সম্ভাৱনা। শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৮।
তুলা: ঘৰৰ পৰা কিছু মূল্যৱান সামগ্রী হেৰুৱাব পাৰে। আপোনাৰ ব্যৱহাৰে আজি আপোনাক ভাল ফল দিব। স্বাস্থ্যৰ যন্ত্ৰণাৰ বৃদ্ধি পাব। শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৪।
বৃশ্চিক: পুৰণি বন্ধু লগ পোৱাৰ আনন্দ। যান-বাহন চলোৱা লোক সকলে সাৱধানে থাকক। বিপদ হ’ব পাৰে। ভ্ৰমণৰ দিশত বাধা দেখা যায়। শুভ ৰং কমলা, শুভ সংখ্যা ৮।
ধনু: ৰাজনীতিৰ লগত জড়িত লোকসকলৰ বাবে আজি দিনটো চিন্তাৰ মাজেৰে পাৰ হ’ব। শিক্ষার্থী সকলোেৰ বাবে বিদেশ যাত্ৰাৰ সুযোগ আহিব পাৰে। শুভ ৰং ছাই, শুভ সংখ্যা ৯।
মকৰ: পৰাপক্ষত স্বাস্থ্যৰ অসুবিধা হোৱাৰ বাবে চিকিৎসালৈ যোৱা হ’ব। সহকৰ্মীৰ ফালৰ পৰা সন্মান প্রাপ্ত হ’ব পাৰে। প্ৰেমত দিশত শান্তি লাভকৰিব। শুভ ৰং সুমথিৰা, শুভ সংখ্যা ১।
কুম্ভ: ব্যয় বৃদ্ধিৰ বাবে সংসাৰত অনেক সমস্যা দেখা যায়। কামৰ চাপৰ বাবে মানসিক ভাৱে অশান্তি হ’ব পাৰে। পঢ়া-শুনাৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিয়ক। শুভ ৰং ৰঙা শুভ সংখ্যা ৪।
মীন: অর্থ ভাগ্য ভাল হোৱাৰ বাবে পৰিশ্ৰম প্ৰচুৰ হ’ব। প্ৰেমৰ দিশৰ শুভফল। কুটিল শিল্পৰ লগত জড়িত লোকসকলৰ বাবে আজি ভাল দিন। শুভৰং হালধীয়া, শুভ সংখ্যা ৭।
































