Kamrup CJM Court:
অৱশেষত সকলো জল্পনা কল্পনাৰ অন্ত পেলাই জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ ৭ হাজাৰ পৃষ্ঠাৰ বিশাল অভিযোগনামা আজি দুপৰীয়া কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত এছআইটিৰ মুখ্য তদন্তকাৰী বিষয়া ৰ’জী কলিতাই দাখিল কৰে ৷ চাৰ্জশ্বীটৰ স’তে এছআই টিয়ে জমা দিয়া ৩৫০০ নথি সহ কেতবোৰ সামগ্ৰী ৷
উল্লেখ্য যে মূল অভিযুক্ত হিচাপে পৰিগণিত কৰা হৈছে ন্যায়িক জিম্মাত থকা শ্যামকানু মহন্ত,সিদ্ধার্থ শৰ্মা,শেখৰজ্যোতি গোস্বামী ,অমৃতপ্রভা মহন্ত, সঞ্জীপন গাৰ্গ,পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক ৷ অৱশ্যে হত্যাৰ ধাৰা বিএনএছ ১০৩ প্ৰয়োগ কৰা হৈছে শেখৰ, অমৃতপ্রভা, সিদ্ধার্থ, শ্যামকানুক ৷
আনহাতে জুবিন গাৰ্গৰ সম্বন্ধীয় ভাতৃ সন্দীপন গাৰ্গৰ বিৰুদ্ধে লগোৱা হৈছে ১০৫ ধাৰা ৷একেদৰে বিএনএছৰ ১০৫ ধাৰা বলবৎ CULPABLE HOMICIDEত জুবিন গাৰ্গৰ দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ বিৰুদ্ধে চিবিটি প্রয়োগ কৰা হৈছে ৷ বিএনএছৰ চিবিটি হৈছে বিশ্বাস ভংগৰ অভিযোগ গোচৰত প্ৰয়োগ কৰা হয় ৷ আনহাতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ২৫০ জনক সাক্ষী হিচাপে ধৰা হৈছে ৷


































