PM Modi Assam Visit :
দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে শনিবাৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷বিয়লি ২.৪৫ বজাত বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয় বিমান বন্দৰত বিশেষ বিমানেৰে প্ৰধানমন্ত্ৰী গৰাকী অৱতৰণ কৰাৰ পিছতে কিছু সময় জিৰণি লৈ বিমান বন্দৰৰ নবর্নিমিত টার্মিনেল উদ্বোধন কৰিব ।
ইয়াৰ পিছতে স্থল পথৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে গুৱাহাটী মহানগৰ অভিমুখে ৰাওনা হৈ বেহাৰবাৰীৰ পৰা ৰাজ্যিক বিজেপিৰ কাৰ্যালয়লৈ ৰোড শ্ব’ত অংশ ল’ব ৷ ৰাজ্যিক কাৰ্যালয়ত মুখ্যমন্ত্ৰী ,ৰাজ্যিক সভাপতি সহ দলীয় বিষয়ববীয়াৰে মিলিত হ’ব প্ৰধানমন্ত্ৰী ৷ ইয়াৰ পিছতে নিশাটো কটাব খানাপাৰাস্থিত কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত।
দেওবাৰে পুৱাভাগত প্ৰধানমন্ত্ৰী গৰাকীয়ে পৰিদৰ্শন কৰিব মহানগৰীৰ উজানবজাৰৰসতী সাধনী শান্তি উদ্যান ৷ ইয়াৰ পিছত পৰীক্ষা পে চর্চা’ শীর্ষক অনুষ্ঠানত অংশ লৈ প্ৰধানমন্ত্ৰী গৰাকী পোনে পোনে ৰাওনা হ’ব পশ্চিম বৰাগাঁৱৰ ছহিদ স্মাৰক ক্ষেত্ৰলৈ ৷ বিয়লি বিশেষ হেলিকপ্টাৰৰেৰে প্ৰধানমন্ত্ৰী উৰা মাৰিব নামৰূপলৈ ৷ নামৰূপত সাৰ কাৰখানা চৌহদত নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতেএখন বিশাল জনসভাক সম্বোধন কৰিব প্রধানমন্ত্রী মোদীয়ে ।
নামৰূপৰ জনসভা সম্বোধন কৰি গুৱাহাটী বিমান বন্দৰলৈ উভতি আহি নিশাই উভতিব দিল্লীলৈ৷ প্ৰধানমন্ত্ৰী আগমনৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ আৰক্ষী প্ৰশাসনে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে ৷ঠায়ে ঠায়ে যানবাহনত নিয়মীয়া তালাচী চলাইছে গুৱাহাটী আৰক্ষীয়ে I



































