Gaganyaan:✒️গগনযান অভিযানৰ প্ৰস্তুতি প্রায় সম্পূর্ণ হোৱাৰ পথত। ‘আত্মনির্ভৰ’ ভাৰতৰ প্রথম মানৱবাহী মহাকাশযান অভিযানৰ সম্পর্কে বৃহস্পতিবাৰে বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে সংসদত এই বিষয়ে জনাইছে ।
লক্ষ্য হৈছে ২০২৭-২৮ চনৰ ভিতৰত জি ১ মিছন সফলতাৰে সম্পূৰ্ণ কৰা।এই অভিযানক ২০৩৫ চনৰ ভিতৰত ভাৰতীয় মহাকাশ কেন্দ্ৰ স্থাপনৰ লক্ষ্যৰ দিশত এক বৃহৎ পদক্ষেপ হিচাপে বিবেচিত হৈছে।
তথ্য অনুসৰি ইছৰোৱে গগনযান অভিযানৰ বাবে প্ৰয়োজনীয় কঠোৰ পৰীক্ষণ সম্পূৰ্ণ কৰিছে।HLV3M হৈছে GSLV Mk-III ৰ এটা উন্নত সংস্কৰণ, আৰু ইয়াক গগনযান মিছনত ব্যৱহাৰ কৰা হৈছে।
সেয়েহে উৎক্ষেপণৰ পূৰ্বে ইয়াৰ প্ৰপালচন উপাদান আৰু গাঁথনিগত অংশসমূহে সুৰক্ষা আৰু নিৰ্ভৰযোগ্যতাৰ মানদণ্ড পূৰণ কৰিবলৈ পৰীক্ষাত উত্তীৰ্ণ হৈছে।বাকী পৰীক্ষাসমূহো সফল হৈছে।
আনকি ক্ৰু এস্কেপ চিষ্টেম (চিইএছ)ৰ স’তে জড়িত পৰীক্ষাসমূহো সম্পূৰ্ণ হৈছে। এই ব্যৱস্থাৰ দ্বাৰা কোনো সমস্যাৰ সৃষ্টি হ’লে পেৰাচুট ব্যৱহাৰ কৰি মহাকাশযানৰ পৰা মহাকাশচাৰীসকলক দ্ৰুততাৰে উলিয়াই আনিব পৰা যায়।
সেই পৰীক্ষাটোও সম্পূৰ্ণ সফল হৈছে। পূৰ্বতে ইঞ্জিনটো মহাকাশচাৰীৰ ব্যৱহাৰৰ বাবে সাজু হৈছে নে নাই সেইটো পৰীক্ষা কৰিবলৈ ১৪ হেজাৰ ছেকেণ্ড চলাইছিল। ইঞ্জিনটোৱে সফলতাৰে পৰীক্ষাত উত্তীৰ্ণ হৈছিল।
অৰ্থাৎ ইছৰো এতিয়া মহাকাশচাৰীৰ বাবে নিৰাপদ মহাকাশযান নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে।উল্লেখযোগ্য যে গগনযায়ান অভিযান ভাৰতৰ প্ৰথম মানৱ মহাকাশযান অভিযান।






























