Nagaon Quiz Forum:
নগাঁও কুইজ ফ’ৰামৰ উদ্যোগত ‘নগাঁও কুইজ কাৰ্ণিভেল ২০২৫’ শীৰ্ষক এলানি বিশেষ কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে । নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সহযোগত শিক্ষানুষ্ঠানখনৰ প্ৰেক্ষাগৃহত আগন্তুক ২৫ ডিচেম্বৰত অনুষ্ঠিত হ’ব এই বিশেষ কুইজ প্ৰতিযোগিতা । পুৱা ১০ বজাৰ পৰা ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হ’বলগীয়া এই কুইজ প্ৰতিযোগিতাখনি তিনিটা বিশেষ ইভেণ্টত অনুষ্ঠিত হ’ব । প্ৰথমেই ‘পোহৰৰ চিয়াঁহীৰে ৰ’দৰ চিঠি” শীৰ্ষক এক লিখিত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব । দ্বাদশ শ্ৰেণী পৰ্যন্ত ছাত্ৰী-ছাত্ৰীৰ মাজত সীমাবদ্ধ থাকিবলগীয়া এই কুইজ প্ৰতিযোগিতাখনি পৰিচালনা কৰিব শাণ্ডিল্য মহন্ত আৰু অনুজ শংকৰ দেৱনাথে । প্ৰতিযোগিতাৰ বিজয়ীসকলক ক্ৰমে ৩,০০০, ২,০০০ আৰু ১,০০০ টকা নগদ ধনৰ উপৰিও ট্ৰফী আৰু মানপত্ৰ প্ৰদান কৰা হ’ব । ইয়াৰ পিছতে অনুষ্ঠিত হ’ব ‘এখন নেদেখা নদীৰ সিপাৰে’ শীৰ্ষক এক বিশেষ কুইজ প্ৰতিযোগিতা । সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জীৱন আৰু কৰ্মৰ ওপৰত আধাৰিত এই কুইজ প্ৰতিযোগিতা পৰিচালনা কৰিব নগাঁও কুইজ ফ’ৰামৰ চন্দ্ৰজিৎ দাস আৰু নয়নজ্যোতি বৰাই । প্ৰতিযোগিতাৰ বিজয়ীসকলক ক্ৰমে ১০,০০০, ৭,০০০ আৰু ৫,০০০ নগদ ধনৰ উপৰিও মানপত্ৰ আৰু ট্ৰফী প্ৰদান কৰা হ’ব । ইয়াৰোপৰি প্ৰতিযোগিতাখনত চূড়ান্ত ৰাউণ্ডলৈ উন্নীত হোৱা দল কেইটিক প্ৰত্যককে ১,০০০ কৈ নগদ ধন আৰু মানপত্ৰ প্ৰদান কৰা হ’ব । একেদিনাই বিয়লি ২ বজাৰ পৰা ‘দ্যা স্পেকট্ৰাম’ শীৰ্ষক এক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব । ভাৰতৰ আগশাৰীৰ জনপ্ৰিয় কুইজ পৰিচালক অভ্ৰ দাসে পৰিচালনা কৰিবলগীয়া এই কুইজ প্ৰতিযোগিতাৰ বিজয়ীদলক ক্ৰমে ১০,০০০, ৭,০০০ আৰু ৫,০০০ কৈ নগদ ধনৰ লগতে মানপত্ৰ আৰু ট্ৰফী প্ৰদান কৰা হ’ব । এই ইভেণ্টৰ চূড়ান্ত ৰাউণ্ডত উপনীত হোৱা দল কেইটিকো প্ৰত্যককে ১,০০০ কৈ নগদ ধন আৰু মানপত্ৰ প্ৰদান কৰা হ’ব । প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচৰা প্ৰতিযোগীসকলক ২৩ ডিচেম্বৰৰ পূৰ্বেই যোগদান নিশ্চিত কৰিবলৈ নগাঁও কুইজ ফ’ৰামে আহ্বান জনাইছে । আগ্ৰহী সকলে সবিশেষ জানিবৰ বাবে ৯৪৩৫১২৮০৮১ অথবা ৯১০১১৯২২১২ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি আয়োজক গোষ্ঠীয়ে জনাইছে ।



































