Jamugurighat:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–জামুগুৰিহাটত বনৰীয়া গাহৰিৰ সন্ত্ৰাস । বনাঞ্চলৰ পৰা ওলাই অহা এটা বনৰীয়া গাহৰি মাধৱ গাঁৱৰ বাঁহনিবাৰীত বিগত কে’বাদিনো বিচৰণ কৰি থকাক লৈ আতংকিত হৈ পৰিছে গঞা। আনকি মানুহৰ লগতে পশুধন দেখিলে আক্ৰমণ কৰিবলৈ খেদি আহে ৷ বনৰীয়া গাহৰিক নৈ সন্ত্ৰষ্ট হৈ পৰা গঞাই বন বিভাগক খবৰ দিয়াৰ পিছত ঘটনাস্থলীত উপস্থিত হোৱা বনকৰ্মীয়েও বনৰীয়া গাহৰিটোৰ খেদিব সক্ষম হোৱা নাই ৷ যাৰবাবে আতংকিত হৈ পৰা গঞাই অচিৰেই যিকোনো ঘটনা সংঘটিত নোহোৱাৰ পূৰ্বেই বনৰীয়া গাহৰিটোক আতঁৰাই পঠিয়াবলৈ দাবী জনাইছে ৷
ADVERTISEMENT






























