Saudi Arabia:✒️দুখন বিশ্বযুদ্ধ, পৃথিৱীৰ আমূল পৰিবর্তন এই সকলোবোৰৰ সাক্ষী হৈ প্ৰায় ১৫০ বছৰত শেষ নিশ্বাস ত্যাগ কৰিলে ছৌদি আৰবৰ আটাইতকৈ বয়স্ক নাগৰিক শেখ নাছেৰ বিন ৰাদ্দান আল ৰছিদ আল য়াদাৰ।
পৰিয়ালৰ দাবী অনুসৰি, তেওঁৰ বয়স আছিল ১৪২ বছৰ। ১১ জানুৱাৰী তেওঁ দাহৰান আল অঞ্চলত শেষ নিশ্বাস ত্যাগ কৰে।
যদি এই দাবী সত্য হয়, তেন্তে উনবিংশ শতাব্দীত জন্মগ্ৰহণ কৰা আল ৰছিদে ছৌদি আৰবক এটা মৰুভূমি অঞ্চলৰ পৰা আধুনিক ৰাষ্ট্ৰলৈ ৰূপান্তৰিত হোৱাও দেখিছিল।
১৯৩২ চনত ছৌদি আৰব স্বাধীন দেশ হিচাপে আত্মপ্ৰকাশ কৰাৰ পৰাও বহু শাসকৰ শাসনকালৰ সাক্ষী আছিল তেওঁ।
যিসকলে তেওঁক চিনিছিল, তেওঁলোকৰ মতে ধৰ্ম আৰু পৰিয়ালেই আছিল আল ৰছিদৰ জীৱনৰ কেন্দ্ৰবিন্দু।গোটেই জীৱনকালত তেওঁ ৪০ বাৰৰো অধিক হজযাত্ৰা কৰিছিল।
তীব্ৰ ধৰ্মবিশ্বাসৰ বাবে বয়সকো কেতিয়াও বাধা বুলি নাভাবিছিল। তেওঁৰ মৃত্যুতে অঞ্চলজুৰি শোকৰ ছাঁ পৰে।তেওঁৰ শেষ যাত্ৰাত উপস্থিত আছিল প্ৰায় সাত হেজাৰ লোক।
উল্লেখযোগ্য যে, ১১০ বছৰ বয়সত তেওঁ শেষবাৰৰ বাবে বিবাহপাশত আবদ্ধ হৈছিল আৰু তাৰ পাছত এগৰাকী কন্যাসন্তানৰ পিতৃ হৈছিল। সকলো মিলাই তেওঁৰ ১৩৪ জন সন্তান, নাতি-পুতিৰে ভৰা এক বিশাল পৰিয়াল এৰি চিৰবিদায় ল’লে ।






























