CBI Raid:
বহু বিতৰ্কিত ব্যৱসায়ী ৰাজেশ বাজাজৰ মহানগৰীৰ সৰুমটৰীয়াৰ বাসগৃহত চিবিআইৰ মাৰাথন অভিযান ৷ চিবিআইৰ এটা উচ্চস্তৰীয় দলে পুৱাৰে পৰা বাজাজৰ বাসগৃহত তালাচি চলাই।
ADVERTISEMENT
উল্লেখ্য যে এপেক্স বেংকৰ কোটিটকীয়া কেলেংকাৰত অভিযুক্ত বাজাজ ৷ এপেক্স বেংকৰ পৰা এটা চক্ৰৰ জৰিয়তে ৰাজেশ বাজাজে লৈছিল ২০ কোটি টকাৰ ঋণ ৷ কিন্ত পৰবৰ্তী সময়ত সেই ধন ঘূৰাই দিয়াৰ পৰা বিৰত আছিল বাজাজে ৷ বৃহৎ পৰিমাণৰ ধন পৰিষোধ নকৰাৰ বাবে দেউলীয়া হোৱাৰ উপক্ৰম হৈছিল এপেক্স বেংক ৷ এই সন্দৰ্ভত বেংক কৰ্তৃপক্ষই তৰা গোচৰমৰ্মে চিবিআই-এ ৰাজেশ বাজাজৰ বিৰুদ্ধে কঠোৰস্থিতি গ্ৰহণ কৰে।


































