Solar system:✒️সৌৰ চাকি নাম নুশুনা মানুহ নাই বুলিয়ে ক’ব পাৰি। বিশ্বাস কৰিবলৈ টান হ’লেও সত্য যে ফিলিপিনছত একে ঠাইতে পাঁচ কোটি সৌৰ চাকি স্থাপন কৰি সমগ্র দেশ পোহৰাই ৰখাৰ এক প্রকল্প নির্মাণ হৈ আছে। অথচ সৌৰশক্তি ব্যৱহাৰৰ ক্ষেত্ৰত ফিলিপিনছ চালুকীয়া অৱস্থাতে আছে। এনে অবস্থাতে দেশখনে অভিলাষী আঁচনি গ্রহণ কৰি পোহৰৰ এক অতিশক্তি নির্মাণৰ কাম আৰম্ভ কৰিছে।
দেশখনে এই অভিলাষী প্রকল্প হাতত লোৱাৰ মূল কাৰণ হ’ল ইন্ধনৰ আমদানি হ্রাস কৰা। উল্লেখ্য যে সৌৰশক্তি পুনৰ নবীকৃত শক্তিৰ অন্তর্ভুক্ত। পুনৰ নবীকৃত শক্তি ক্ষুদ্র পৰিমাণত বা বিক্ষিপ্তভাৱে ব্যৱহাৰৰ কোনো যুক্তি নাই। একেদৰে এই শক্তিক গৌণ শক্তিরূপে ব্যৱহাৰৰ সপক্ষে যুক্তি দিয়াও নিষ্প্রয়োজন।
ফিলিপিনছ চৰকাৰে গ্ৰহণ কৰা শেহতীয়াভাবে পোহৰবে এই অতিশক্তি নির্মাণে এই কথাকে সূচাইছে। গতিকে পুনৰ নবীকৃত শক্তিৰ প্ৰতি থকা মানসিকতাও সলনি হোৱাটো প্রতিপন্ন হৈছে। ফিলিপিনছৰ এই পদক্ষেপে সমগ্র বিশ্বলৈ বার্তা প্ৰেৰণ কৰিছে।
বায়ু প্রদূষণ সৃষ্টিকাৰী কয়লা, গেছ বা নিউক্লিয়াৰ ক্ষেত্ৰৰ পৰিৱৰ্তে এনে বৃহৎ সৌৰশক্তি ক্ষেত্র নির্মাণৰ বাবে আন দেশকো উৎসাহিত কৰিব বুলি ধাৰণা কৰা হৈছে। ফিলিপিনছৰ এই অতিশক্তি ক্ষেত্রৰ নাম হৈছে টেৰা ছ’লাব। এই শক্তি ক্ষেত্রব নির্মাণ সম্পূর্ণ হোৱাৰ লগে লগে সমগ্র বিশ্বই পূর্বে কেতিয়াও নেদেখা এক ঘটনাৰ সাক্ষী হ’ব।
কাৰণ এনে শক্তি ক্ষেত্ৰ বিশ্বৰ কোনো দেশে ইয়াৰ পূর্বে নির্মাণ কৰা নাই। গতিকে ফিলিপিনছৰ এই সাহসী পদক্ষেপৰ শলাগ লৈছে বহুতে। ইয়াৰ মাজতে বহু সাধাৰণ লোকে এনে এক প্রকল্প নির্মাণ কার্য বিজ্ঞানভিত্তিক কল্প কাহিনী বুলি ধাৰণা কৰিব পাৰে। সেয়া যিয়েই নহওঁক, দেশখনত বাস্তৱতে এই অভিলাষী প্রকল্পৰ নিৰ্মাণ হৈছে।
স্বাভাৱিকতে এই প্রকল্প নির্মাণ সম্পূৰ্ণ হ’লে দেশখনৰ কোনো লোকে ঘৰৰ মূধচত বা অট্টালিকাৰ ছাদত সৌৰ চাকি লগোৱাৰ প্রয়োজন নহ’ব। তাৰ পৰিৱৰ্তে এঠাইৰ পৰাই সকলোৰে ঘৰলৈ শক্তি যোগান ধৰা হ’ব। একেদৰে দেশখনৰ বিভিন্ন কল-কাৰখানা আদিলৈও শক্তি যোগান ধৰা হ’ব।
এই অতিশক্তি ক্ষেত্র দেশখনৰ ৰাষ্ট্ৰীয় গ্ৰীডৰ এক অংশতো পৰিণত হ’ব। উল্লেখ্য যে ফিলিপিনছে বছৰি বিভিন্ন দেশৰ পৰা বুজন পৰিমাণৰ ইন্ধন আমদানি কবে। এই ইন্ধনৰ পৰা দেশখনে বিদ্যুৎ শক্তিও উৎপাদন কৰে। গতিকে যেতিয়াই এই পোহৰৰ শক্তি ক্ষেত্র কার্যক্ষম হ’ব তেতিয়াৰে পৰা দেশখনলৈ ইন্ধনৰ আমদানিও হ্রাস পোৱাৰ সম্ভাৱনা আছে। সূর্যব পোহৰৰ পৰা শক্তি উৎপাদনৰ লক্ষ্য লোৱা এই ক্ষেত্রত উৎপাদিত শক্তি সর্বদা নিৰৱচ্ছিন্নভাবে দেশখনৰ চৌদিশে যোগান ধৰি থাকিব পৰা হ’ব বুলিও সংশ্লিষ্টসকলে আশা প্রকাশ কৰিছে।
স্বাভাৱিকতে দেশখনৰ এই প্ৰকল্পত বিশ্বৰ আন দেশসমূহে সূক্ষ্ম দৃষ্টি ৰাখিছে। গতিকে দেশখনৰ এই প্রকল্প যদি প্রলপ্রসূ হয়, তেতিয়া বিশ্বৰ আন দেশেও এনে শক্তি উৎপাদন ক্ষেত্র নির্মাণৰ সম্ভাৱনা আছে।





























