Hailakandi CMV Raids:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:ৰাজ্যৰ দুৰ্নীতি নিবাৰক শাখা আৰু মুখ্যমন্ত্ৰী তদাৰকী কোষে একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া- কৰ্মচাৰীৰ বিৰুদ্ধে সময়ে সময়ে অভিযান চলাই আটক কৰাৰ পিছতো যেন শিকনি হোৱা নাই ঘোচখোৰ সকলৰ ৷
এইবাৰ আয় বহির্ভূত সম্পত্তিৰ গোচৰত এজন তৃতীয় বৰ্গৰ কৰ্মচাৰীৰ বেংকৰ লকাৰত মুখ্যমন্ত্ৰী তদাৰকী কোষে অভিযান চলাই জব্দ কৰে প্ৰায় ৩ কিলোগ্ৰাম ওজনৰ সোণৰ আ-অলংকাৰ৷ জব্দকৃত গহণা খিনিৰ মূল্য প্ৰায় কে’বাকোটি হ’ব ৷
হাইলাকান্দি জিলা আয়ুক্ত কাৰ্যালয়ৰ চিৰস্তাদাৰ দেৱজিত বিশ্বাসৰ বিৰুদ্ধে নিৰ্বাচনৰ সময়ত গাড়ী আৱণ্টন আৰু চালকক দিবলগীয়া ধনৰ নামত জালিয়াতি কৰি অহা এক অভিযোগ ভুক্তভোগীয়ে ২০২৩ বৰ্ষত মুখ্যমন্ত্ৰী কাৰ্যালয়ত দিছিল ৷ পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী কাৰ্যালয়ে সমগ্ৰ বিষয়টো মুখ্যমন্ত্ৰী তদাৰকী কোষলৈ হস্তান্তৰ কৰে ৷
সেই অনুসৰি চিএম ভিজিলেঞ্চে CMVৰ ১৬/২৬ ত আয় বহিভূত গোচৰ ৰজু কৰি বৃহস্পতিবাৰে চিএম ভিজিলেঞ্চৰ তদন্তকাৰী দল এটাই বিশেষ সূত্ৰৰ পমখেদি এছবিআই হাইলাকান্দি শাখাত দেৱজিত বিশ্বাসৰ নামত থকা লকাৰত অভিযান চলাই বৃহৎ পৰিমাণৰ সোণৰ গহণাখিনি জব্দ কৰিবলৈ সক্ষম হয়।আনহাতে এই সংক্ৰান্তত চিএম ভিজিলেঞ্চ দেৱজিত বিশ্বাসৰ বাসগৃহতো অভিযান চলোৱাৰ উপৰিও দেৱজিত বিশ্বাস যিকোনো মুহূৰ্ততে আটক হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷
ADVERTISEMENT






























