Blood Donation Camp:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:আজি জুবিন দিৱস। ঠিক এবছৰ পূৰ্বে আজিৰ দিনটৰ আগদিনা অসম ভূমিক শেষ সুৰ্যোদয় চাই ছিংগাপুৰলৈ ওলাই গৈছিল প্ৰাণৰ জুবিন গাৰ্গ ৷ সেই যাত্ৰা যে জীৱিত জুবিনৰ শেষ যাত্ৰা আছিল,সেই যাত্ৰাই যে প্ৰতিজন অসমীয়াৰ বুকু চিৰদিনলৈ উদং কৰিব,কোনে জানিছিল৷ সেই দিনটোৰ এবছৰ পাছত জুবিন দিৱস পালন কৰিব লগীয়া হৈছে তাতকৈ দুৰ্ভাগ্য আৰু অসমবাসীৰ নাই ৷

আজি ৰাজ্যজুৰি পালন হৈছে জুবিন শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠান ৷ অসম প্ৰদেশ বিজেপিয়ে প্ৰাণৰ শিল্পীক সুঁৱৰি আয়োজন কৰিছে ৰক্তদান শিৱিৰ ৷ প্ৰতিখন মণ্ডল আৰু জিলা গোটৰ বিজেপিৰ নেতা কৰ্মীয়ে নিজ নিজ অঞ্চলত আয়োজিত ৰক্তদান শিৱিৰত অংশ লৈ ৰক্তদান কৰে ৷ গুৱাহাটীৰ বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত শনিবাৰে আয়োজিত ৰক্তদান শিৱিৰত অংশ লৈ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৰক্তদান কৰে ৷ একেদৰে ৰক্তদান কৰে ৰাজ্যিক বিজেপিৰ সভাপতি সাংসদ দিলীপ শইকীয়া সহ অন্যান্য নেতা- কৰ্মী সকলে ৷
উল্লেখ্য যে ৰক্তদান কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত আয়োজিত জুবিন শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠানত অংশ লৈ জুবিনৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণৰে শ্ৰদ্ধা নিবেদন কৰে ৷
ADVERTISEMENT































