মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। এক প্ৰতিবেদন অনুসৰি আমেৰিকাই ইৰাণৰ ওচৰৰ অঞ্চলত ৫০খনৰো অধিক যুদ্ধবিমান মোতায়েন কৰিছে। তথ্য অনুসৰি,অঞ্চলটোৰ নিৰাপত্তা পৰিস্থিতি উত্তপ্ত হৈ উঠাৰ পটভূমিত এই সামৰিক তৎপৰতা বৃদ্ধি কৰা হৈছে ।
ADVERTISEMENT
তথ্য অনুসৰি, সম্ভাৱ্য সংঘাতৰ পৰিস্থিতিৰ মাজতে আমেৰিকাই নিজৰ সামৰিক উপস্থিতি জোৰদাৰ কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে। বিশেষকৈ মধ্যপ্ৰাচ্য অঞ্চলত ইৰাণৰ ভূমিকাক লৈ উত্তেজনা বৃদ্ধি পোৱাৰ পাছতেই এই মোতায়েনক গুৰুত্বপূর্ণ বুলি গণ্য কৰা হৈছে।
বিশেষজ্ঞসকলৰ মতে, এই পদক্ষেপে অঞ্চলটোৰ ভূ-ৰাজনৈতিক পৰিস্থিতিক অধিক স্পৰ্শকাতৰ কৰি তুলিব পাৰে। ইতিমধ্যে বিশ্বজুৰি এই খবৰক লৈ চিন্তা বৃদ্ধি পাইছে।






























