Guwahati:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:ৰাজ্যৰ মাধ্যমিক শিক্ষানুষ্ঠানবোৰত ‘আউটছোর্চিং’ নিষিদ্ধ কৰা হৈছে। মাধ্যমিক শিক্ষা সঞ্চালকালয়ে এই সম্পর্কীয় নির্দেশনা জাৰি কৰে। উল্লেখ্য যে শিক্ষানুষ্ঠানৰ বিভিন্ন কাম-কাজ ব্যক্তিগত লোক, সংস্থা, প্রতিষ্ঠান, চাইবাৰ কাফে আদিৰ জৰিয়তে কৰা হয়। দৰমহাৰ প্রস্তাৱ, বাজেট প্রস্তুত, দৰমহাৰ বিল, প্রশাসনিক আৰু বিত্তীয় অন্যান্য কাম-কাজসমূহ এইবোৰত কৰা হয়। ইয়াকে নিষিদ্ধ কৰা হৈছে।
মাধ্যমিক শিক্ষা সঞ্চালকে সকলো জিলা আৰু ষষ্ঠ অনুসূচীৰ অন্তৰ্গত অঞ্চলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকলৈ প্ৰেৰণ কৰা নির্দেশটোত উল্লেখ কৰা হৈছে যে জাৰি কৰা এই নির্দেশনা কঠোৰভাৱে বলবৎ হোৱাটো নিশ্চিত কৰিব লাগিব। যদি কোনো প্রধান শিক্ষক, অধ্যক্ষ আৰু শিক্ষানুষ্ঠানৰ আন শিক্ষক-কর্মচাৰীয়ে যদি এই নির্দেশনা উলংঘা কৰে তেন্তে তেওঁলোকৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্রহণ কৰা হ’ব।
অনুশাসন ভংগৰ গোচৰত তেওঁলোকক অভিযুক্ত কৰা হ’ব। এই নির্দেশনা জাৰি কৰাক লৈ প্ৰতিক্রিয়াৰো সৃষ্টি হৈছে। কাৰণ নির্দেশনা জাৰিৰ বিপৰীতে মাধ্যমিক শিক্ষানুষ্ঠানবোৰৰ আন্তঃগাঁথনিৰ দিশটোক বিভাগীয় শীর্ষ বিষয়াই উপেক্ষা কৰাৰ অভিযোগ উঠিছে। কাৰণ এনে নিৰ্দেশ জাৰিৰ বিপৰীতে শিক্ষানুষ্ঠানতে প্রয়োজনীয় কাম-কাজসমূহ কৰিবলৈ সুবিধা কি ধৰণৰ আছে সেয়া প্ৰথমতে পৰীক্ষা কৰা উচিত বুলি শিক্ষকৰ সূত্রই সদৰী কৰে।
ADVERTISEMENT






























