যুক্তৰাষ্ট্ৰই ইৰানৰ বিৰুদ্ধে অৱতীর্ণ হোৱা সাম্প্রতিক যুদ্ধত দেশখনে পৰাজয় বৰণ কৰিব। এই ভবিষ্যদ্বাণী কৰিছে চীনৰ নষ্ট্রাডামুৰূপে খ্যাতি অর্জন কৰা অধ্যাপক জুৰেকিন জিয়াঙে। উল্লেখ্য যে ২০২৪ত চীনা অধ্যাপকজনে কৰা তিনিটা ডাঙৰ ভবিষ্যদ্বাণীৰ দুটা ইতিমধ্যে ফলিয়াইছে। গতিকে তেওঁৰ ওপৰত সমগ্ৰ বিশ্বৰ দৃষ্টি নিৱদ্ধ হৈ আছে।
চলিত ইৰান যুদ্ধক লৈ এইজন নষ্ট্রাডামুয়ে ভবিষ্যদ্বাণী কৰিছে যে দুই শক্তিয়ে সম্মিলিতভাৱে এই যুদ্ধৰ সূচনা কৰিলেও মূৰকত হাৰ মানিব লাগিব। ২০২৪ত তেওঁ কৰা এই তিনিটা ডাঙৰ ভৱিষ্যদ্বাণীৰ অন্যতম দুটা হ’ল ড’নাল্ড ট্রাম্প পুনৰ ৰাষ্ট্ৰপতি নির্বাচিত হ’ব আৰু তাৰ পাছতে ইৰানৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ হ’ব। এই দুটা ভৱিষ্যদ্বাণী ইতিমধ্যে ফলিয়াইছে। য়েল কলেজৰ স্নাতক অধ্যাপক জিয়াং শিক্ষক জীৱনৰ বহু সময় চীনৰ শিক্ষা সংস্কাৰ আৰু পাঠ্যক্রম প্রস্তুতৰ স’তে জড়িত আছিল। পাছলৈ তেওঁ কানাডাত বাস কৰিবলৈ লয়। বিগত কিছু বছৰত তেওঁ এক অগতানুগতিক শৈক্ষিক কর্মসূচী হাতত লয়। ইয়াৰ অংশৰূপে তেওঁ ইউটিউবত ‘প্রেডিক্টিভ হিষ্টী’ (ভৱিষ্যদ্বাণীমূলক বুৰঞ্জী) নামৰ এক ইউটিউব চেনেল মুকলি কৰে।
এই ইউটিউব চেনেলৰ জৰিয়তে তেওঁ পাঠৰ শিক্ষা দি আহিছে। ইতিহাসৰ স্থায়িত্ব, ভুৰাজনৈতিক পৰিঘটনা আৰু গেম থিয়ৰী বিশ্লেষণ কৰি বিশ্বৰ বিভিন্ন ঘটনা সম্পর্কে ভবিষ্যদ্বাণী কৰাৰ চেষ্টা কৰি আহিছে। তেওঁৰ এই দৃষ্টিভংগীত প্রভাৱ পেলাইছে মনো-বুৰঞ্জীয়ে। এই মনো-বুৰঞ্জীয়ে হৈছে বিশ্ববন্দিত লেখক আইজাক আছিমভে কল্পনা কৰা এক কাহিনী বিজ্ঞান।
এনেদৰে চীনৰ নষ্টাডামুৱে ভবিষ্যদ্বাণী কৰি আহিছে। ২০২৪ত তেওঁ ট্রাম্প সম্পৰ্কে কৰা ভবিষ্যদ্বাণী কৰা ভিডিঅ’ৰ ব্যাপক শ্বেয়াৰ হয়। তেওঁ ভৱিষ্যদ্বাণী কৰোতে ইতিহাসৰ আশ্রয় লয়। তেওঁৰ মতে, আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰথম অৱস্থাত ইৰান যুদ্ধত সফল হ’লেও দীর্ঘকাল ধৰি ইৰানক নিজৰ অধীনত ৰাখিবলৈ সক্ষম নহ’ব। ইয়াৰ মূলতে হৈছে ইৰানৰ ভৌগোলিক অৱস্থা।
কাৰণ দেশখন পাহাৰ-পৰ্বত আদিৰে গঠিত। ফলত মার্কিন বাহিনীৰ এই যুদ্ধ মূৰকত এক ভয়াৱহ দুর্যোগতহে পৰিণত হ’ব বুলি অধ্যাপক জিয়াঙে বিশ্বাস কৰে।
শেহতীয়াভাৱে তেওঁ এক বক্তৃতাতো এই কথা উল্লেখ কৰে। এই বক্তৃতাত তেওঁ কয়, ‘যুদ্ধ কেনেদৰে আগবাঢ়িছে সেই সম্পৰ্কত মোৰ বিশ্লেষণ হ’ল যে আমেৰিকা যুক্তৰাষ্ট্ৰতকৈ ইৰানৰ অধিক সুবিধা আছে।
ইৰানীসকলে ২০ বছৰৰ বাবে যুদ্ধৰ প্ৰস্তুতি চলাইছে।’ দেশখনৰ ভৌগোলিক অৱস্থা আৰু জনতাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰই অৱশেষত হাৰ মানিব লাগিব বুলিও মন্তব্য কৰে। তেওঁ লগতে কয় যে ইৰানৰ ছায়া ৰূপে হৌথি, হিজবুল্লা আৰু হামাছে আমেৰিকাৰ মানসিকতা সম্পর্কে জ্ঞান আহৰণ কৰিলে। গতিকে আমেৰিকান সাম্রাজ্য দুৰ্বল আৰু ধ্বংস কৰিব পৰাকৈ ইৰানে ভাল ৰণনীতি প্ৰস্তুত কৰিব পাৰে বুলি তেওঁ মতপোষণ কৰে।
ইৰান যুদ্ধৰ পাছত বিশ্বৰ অৱস্থাও এতিয়াৰ দৰে হৈ নাথাকিব বুলিও অধ্যাপকজনে ভৱিষ্যদ্বাণী কৰিছে।






























