BJP VP Baijayant Panda:
ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ আজি মনোনয়ন দাখিলৰ অন্তিম দিন ৷ ৰাজ্যৰ চৌদিশ ৰঙীন হৈ পৰিল বিভিন্ন ৰাজনৈতিক দলৰ দলীয় পতাকাৰে। বিপুল হৰ্ষোল্লাসৰে প্ৰাৰ্থীক লগত লৈ দল- বলে ওলাই আহিল সমৰ্থক। সকলোৰে উদ্দেশ্য নিজ নিজ দলীয় প্ৰাৰ্থীক সংগ দিয়া ৷ সোমবাৰে মনোনয়ন পৰ্বত দেখা গ’ল এক সুকীয়া দৃশ্য ৷
নিজ দলৰ প্ৰাৰ্থীৰ মনোনয়নত সংগ দিবৰ বাবে এগৰাকী ৰাষ্ট্ৰীয় নেতাই নিজেই চলাই আহিল হেলিকপ্টাৰ ৷ এই নেতাজন হ’ল বিজেপিৰ উপ- সভাপতি তথা অসমৰ প্ৰভাৰী বৈজয়ন্ত পাণ্ডা ৷ আজি ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক তথা বিশ্বনাথৰ বিজেপিৰ প্ৰাৰ্থী পল্লৱলোচন দাসৰ মনোনয়নত সংগ দিবৰ বাবে বৈজয়ন্ত পাণ্ডাই মহানগৰীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেল পথাৰৰ অস্থায়ী হেলিপেডৰ পৰা নিজেই হেলিকপ্তাৰ চলাই আহি উপস্থিত হয় বিশ্বনাথত ৷ তাৰ পিছতে দাসৰ মনোনয়নৰ সময়ত সংগ দিয়ে বিজেপিৰ ৰাষ্ট্ৰীয় নেতা গৰাকীয়ে ৷






























