দেশৰ সশস্ত্ৰ বাহিনীত কৰ্মৰত স্বল্পমেয়াদী সেৱা কমিশন(Short Service Commission )(SSC) মহিলা বিষয়াসকলৰ বাবে এক ঐতিহাসিক ৰায় প্ৰদান কৰিলে ভাৰতৰ উচ্চতম ন্যায়ালয়ে।
আদালতে স্পষ্টকৈ কৈছে যে, মহিলা SSC বিষয়াসকলো স্থায়ী কমিশন (Permanent Commission) লাভৰ সম্পূৰ্ণ অধিকাৰী আৰু তেওঁলোকক পুৰুষ বিষয়াসকলৰ দৰে সমান সুযোগ দিব লাগিব।
এই ৰায়ত আদালতে গুৰুত্বসহ কৈছে যে, বহু বছৰ ধৰি মহিলা বিষয়াসকলক মূল্যায়নৰ ক্ষেত্ৰত বৈষম্যমূলক ব্যৱস্থা অনুসৰণ কৰা হৈছিল, যাৰ ফলত তেওঁলোকৰ কেৰিয়াৰ আগবাঢ়িবলৈ বাধা সৃষ্টি হৈছিল।
মূল্যায়ন ব্যৱস্থাত থকা এই ধৰণৰ “ব্যৱস্থাগত বৈষম্য”ৰ বাবেই বহু মহিলাক স্থায়ী কমিশন নকৰা হৈছিল বুলি আদালতে মন্তব্য কৰে।
আদালতে আৰু লক্ষ্য কৰে যে, মহিলাসকলক বহু ক্ষেত্ৰত প্ৰয়োজনীয় প্ৰশিক্ষণ, গুৰুত্বপূর্ণ দায়িত্ব বা কেৰিয়াৰ উন্নয়নৰ সুযোগ প্ৰদান কৰা হোৱা নাছিল।
ফলত, তেওঁলোকৰ মেধা মূল্যায়নত সঠিকভাৱে প্ৰতিফলিত হোৱা নাছিল আৰু স্থায়ী কমিশনৰ ক্ষেত্ৰত পিছ পৰি থাকিবলগীয়া হৈছিল।
এই গুৰুত্বপূর্ণ ৰায়ৰ অংশ হিচাপে, যিসকল মহিলা বিষয়াই পূৰ্বতে স্থায়ী কমিশন লাভ নকৰাকৈ সেৱা এৰি যাবলগীয়া হৈছিল, তেওঁলোকক পেঞ্চন আৰু আন আন সুবিধা প্ৰদান কৰাৰো নিৰ্দেশ দিছে আদালতে।তেওঁলোকক ২০ বছৰৰ সেৱা সম্পূৰ্ণ কৰা বুলি গণ্য কৰি এই সুবিধাসমূহ প্ৰদান কৰা হ’ব।
একেদৰে, এতিয়াও সেৱাত থকা মহিলা SSC বিষয়াসকলকো প্ৰয়োজনীয় মানদণ্ড পূৰণ কৰিলে স্থায়ী কমিশনৰ বাবে বিবেচনা কৰিব লাগিব বুলি আদালতে স্পষ্ট কৰি দিয়ে।
এই ৰায়ক লৈ আইন বিশেষজ্ঞসকলে ইয়াক লিংগ সমতা আৰু ন্যায়বিচাৰৰ ক্ষেত্ৰত এক ডাঙৰ পদক্ষেপ বুলি অভিহিত কৰিছে। আদালতৰ এই সিদ্ধান্তে দেশৰ সশস্ত্ৰ বাহিনীত মহিলাসকলৰ ভূমিকা অধিক সুদৃঢ় কৰাৰ লগতে সমান অধিকাৰৰ দিশে এক নতুন দিশ মুকলি কৰিলে বুলি ধৰা হৈছে।






























