Jitendra Singh:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–অসম বিধানসভাৰ নিৰ্বাচনৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হোৱা সকলোবোৰ ৰাজনৈতিক দল আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে যিটো সময়ত নিজ নিজ সমষ্টিত প্ৰচাৰাভিযানত উবুৰি খাই পৰাৰ বিপৰীতে এটা সমষ্টিৰ এজন বিৰোধী দলৰ প্ৰাৰ্থীয়ে নিৰ্বাচনী ৰণৰ পৰা আঁতৰি থাকিবলগীয়া হয় ৷ কিয়নো প্ৰাৰ্থী গৰাকীৰ মনোনয়নত কেতটোৰ বিসংগতি থকাৰ বাবে ৰিৰ্টানিং বিষয়াই পৰীক্ষণত নাকচ কৰে তেওঁৰ মনোনয়ন ৷ দুৰ্ভগীয়া প্ৰাৰ্থী গৰাকী হ’ল বৰপেটাৰ কংগ্ৰেছ প্রার্থী মহানন্দ সৰকাৰ ৷
শনিবাৰে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদমেলত মহানন্দ সৰকাৰৰ মনোনয়ন নাকচ সন্দৰ্ভত নিজৰ ভুল স্বীকাৰ কৰে এপিচিচিৰ তত্ত্বাবধায়ক জীতেন্দ্ৰ সিঙে । সিঙে কয় ,মোৰ ভুল হৈছিল, ভুলবশতঃ মনোনয়ন পত্ৰত মোৰ চহী কৰিবলৈ থাকি গৈছিল ৷



































